December 19, 2024 8:55 PM

views 54

কেন্দ্ৰীয় চৰকাৰে দেশত খেল’ ইণ্ডিয়া আঁচনিৰ অধীনত মুঠ ১,২৫০ টা খেল’ ইণ্ডিয়া কেন্দ্ৰৰ অনুমোদন

কেন্দ্ৰীয় চৰকাৰে দেশত খেল’ ইণ্ডিয়া আঁচনিৰ অধীনত মুঠ ১,২৫০ টা খেল’ ইণ্ডিয়া কেন্দ্ৰৰ অনুমোদন দিছে। ৰাজ্যসভাত আজি লিখিত উত্তৰত কেন্দ্ৰীয় যুৱ-পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই জনাই যে, কেন্দ্ৰই বিভিন্ন আঁচনিৰ অধীনত ৰাজ্যসমূহৰ খেলৰ আন্তঃগাঁথনি শক্তিশালী কৰি গঢ়ি তুলিবলৈ সহায় আগবঢ়াই আহিছে। খেল' ইণ্ডিয়া আঁচনিৰ অধীনত সমগ্ৰ দেশতে ৩২৩টা ক্রীড়া আন্তঃগাঁথনি প্ৰকল্পৰ অনুমোদন জনাইছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে।