June 20, 2025 8:53 PM

views 12

বিশাখাপট্টনমত কাইলৈ প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিবলগীয়া যোগাভ্যাস অনুষ্ঠান আকাশবাণীত পোনপটীয়াকৈ প্ৰচাৰিত হ’ব

আন্তর্জাতিক যোগ দিৱস উপলক্ষে কাইলৈ বিশাখাপট্টনমত আয়োজিত সমূহীয়া যোগাভ্যাস অনুষ্ঠান আকাশবাণীয়ে পোনপটীয়াকৈ প্ৰচাৰ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিবলগীয়া এই অনুষ্ঠান পুৱা চাৰে ছয় বজাৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰইও ৰীলে কৰিব। এই অনুষ্ঠানৰ পৰিপ্ৰেক্ষিতত কাইলৈ পুৱা সাত বাজি ৫ মিনিটত প্ৰচাৰিত হ'বলগীয়া অসমীয়া বাতৰি এই পোনপটীয়া প্ৰচাৰৰ পাছত প্ৰচাৰিত হ'ব।