June 21, 2024 12:37 PM

views 39

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে প্রাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ দেশবাসীলৈ শুভেচ্ছা

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে প্রাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। আকাশবাণীৰে হোৱা কথা-বতৰাত কোবিন্দে যোগসাধনাই জাতি-ধর্ম-বর্ণ নির্বিশেষ বিশ্বৰ বিভিন্ন দেশৰ মাজত যোগসূত্ৰ স্থাপন কৰে বুলি মন্তব্য আগবঢ়ায়। যোগে শৰীৰ, মন আৰু আত্মাক একত্ৰিত কৰে বুলিও প্রাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে। যোগ কোনো বিশেষ ধৰ্ম অথবা বিশ্বাসৰ লগত জড়িত নাই বুলিও তেওঁ প্ৰকাশ কৰে।  

June 21, 2024 12:32 PM

views 48

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যতো আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে। এই উপলক্ষে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত যোগ দিৱসৰ কাৰ্যসূচীত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই অংশ গ্ৰহণ কৰে। ইপিনে, শোণিতপুৰত অনুষ্ঠিত যোগ দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই অংশ গ্রহণ কৰে। যোগ দিৱসৰ কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, নিয়মিত যোগাভ্যাস শৰীৰৰ লগতে ব্যক্তিৰ মনৰো উৎকৰ্ষ সাধন কৰে। লগতে সুস্থ আৰু নিৰোগী জীৱন যাপনৰ বাবে অভিভাৱকসকলক নিজৰ সন্তানকো যোগসাধনাৰ বাবে অনুপ্রাণিত ...

June 21, 2024 12:26 PM

views 44

সমগ্র দেশতে আজি দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

সমগ্র দেশতে আজি দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু- কাশ্মীৰৰ শ্ৰীনগৰৰ শ্বেৰ-এ-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় অভিৱৰ্তন কেন্দ্ৰত আয়োজন কৰা মূল অনুষ্ঠানত অংশগ্রহণ কৰে। এই উপলক্ষে সমাজৰ বিভিন্ন শ্রেণীৰ সাত হেজাৰৰো অধিক লোকে শ্ৰীনগৰৰ ডাল হ্ৰদৰ পাৰত প্রধানমন্ত্ৰীৰ সৈতে যোগাভ্যাস কৰে। জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহা, কেন্দ্ৰীয় মন্ত্ৰী প্ৰতাপৰাও গণপতৰাও যাধৱ আৰু আন ভালেমান বিশিষ্ট ব্যক্তি অনুষ্ঠানত উপস্থিত থাকে। বিদেশী দূতাবাস আৰু ভাৰতীয় মিছনসমূহেও যোগৰ ব্...

June 20, 2024 11:55 AM

views 33

‘নিজৰ লগতে সমাজৰ বাবে যোগ’ বিষয়বস্তুৰে ৰাজ্যজুৰি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালনৰ ব্যাপক প্রস্তুতি

নিজৰ লগতে সমাজৰ বাবে যোগ- এই বিষয় বস্তুৰে এইবাৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰিবলৈ লোৱা হৈছে। যোগ দিৱস উদযাপনৰ বাবে ৰাজ্যজুৰি ব্যাপক প্রস্তুতি অব্যাহত চলোৱা হৈছে। ব্যক্তিৰ, শাৰীৰিক, মানসিক সুস্থতা আৰু আধ্যাত্মিক বিকাশৰ লক্ষ্যৰে উদযাপন কৰা যোগ দিৱসৰ সৈতে সংগতি ৰাখি যোগ অনুশীলনৰ শিবিৰ মুকলি কৰাৰ লগতে বিভিন্ন স্থানত যোগৰ প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। পৰিৱৰ্তিত জীৱনশৈলী, মানসিক চাপ দূৰীকৰণ আৰু শৰীৰটো সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত যোগৰ ভূমিকা অপৰিসীম।