June 21, 2025 8:19 PM

views 62

ভাৰতবৰ্ষৰ লগতে বিশ্বৰ আন বিভিন্ন দেশতো আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

ভাৰতবৰ্ষৰ লগতে বিশ্বৰ আন বিভিন্ন দেশতো আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে। ব্ৰিটেইনত লণ্ডনৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানৰ লগতে অক্সফ'ৰ্ড আৰু কেমব্রিজ বিশ্ববিদ্যালকে ধৰি ভালেমান স্থানত, নিউয়ৰ্কৰ টাইম স্কোৱেৰ, জাপানৰ ট'কিঅ'ত অৱস্থিত ছুকিজী হংৱান্‌জি বৌদ্ধ মঠ আদিকে ধৰি ভিন ভিন দেশ ভালেমান স্থানত সংশ্লিষ্ট দেশসমূহৰ শীৰ্ষস্থানীয় নেতৃবৰ্গৰ অংশগ্ৰহণেৰে এই দিৱস পালন কৰা হয়। ৰিয়াধত থকা ভাৰতীয় দূতাবাসে ৰাজকুমাৰ ফেইজল বিন ফহদ ক্রীড়া চহৰ ষ্টেডিয়ামত আজি উৎসাহ-উদ্দীপনাৰে একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ...

June 19, 2025 12:38 PM

views 68

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে শনিবাৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ দৃষ্টিপাত অনুষ্ঠান

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা শনিবাৰে নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত প্ৰচাৰ কৰিব। এই অনুষ্ঠানত সদৌ অসম যোগ ক্রীড়া এছ'চিয়েচনৰ উপ-সভাপতি, যোগবিদ হৰিপ্ৰসাদ তালুকদাৰ আৰু যোগ প্ৰশিক্ষক হিমাদ্রী নাথ কাকতিয়ে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব জিণ্টী ৰাণী ডেকাই। অনুষ্ঠান চলি থকা সময়ত আগ্রহী ব্যক্তিসকলে ২৬৬১৮৭৬ আৰু ২৬৬২৩২৫ নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীৰ সৈতে যোগ সম্পৰ্কীয় বিভিন্ন প্ৰশ্নৰ উত্তৰ বিচাৰিব পাৰিব ।

June 14, 2025 6:29 PM

views 55

বজালী জিলা প্ৰশাসনৰ উদ্যোগত জিলা পৰ্যায়ৰ যোগ প্ৰতিযোগিতা অনুষ্ঠিত

একাদশ আন্তৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে বজালী জিলা প্ৰশাসনৰ উদ্যোগত আজি পাঠশালাৰ আজাদ ভৱনত এখন জিলা পৰ্যায়ৰ যোগ প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্রতিযোগিতা উদ্বোধন কৰি জিলাখনৰ সহকাৰী আয়ুক্ত আছফাক লস্কৰে কয় যে সুস্থ আৰু সুষম জীৱনশৈলী বৰ্তাই ৰখাৰ ক্ষেত্ৰত যোগাভ্যাসৰ গুৰুত্ব অপৰিসীম। আয়ুষৰ জিলা সমন্বয়ক ডাঃ জয়ন্ত খাটনিয়াৰ আৰু জিলা প্ৰশাসনৰ পৰা টুটুল মানৱৰ নেতৃত্বত অনুষ্ঠিত এই প্রতিযোগিতাত কেইবাগৰাকীও প্রতিযোগীয়ে অংশগ্ৰহণ কৰে। অহা ২১ জুনত বজালী জিলা আয়ুক্ত কার্যালয় চৌহদত হ'বলগীয়া যোগ দিৱসৰ অনুষ...

June 12, 2025 3:19 PM

views 67

সমগ্ৰ দেশতে ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হ’ব

■ সমগ্ৰ দেশতে অহা ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে পুৱা ৬.৩০ বজাৰ পৰা ৭ বাজি ৪০ মিনিটলৈ ১ লাখৰো অধিক যোগ কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব। এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিষয়বস্তু হৈছে – ‘এখন পৃথিৱী, এটা স্বাস্থ্য’। কেন্দ্রীয় আয়ুষ মন্ত্ৰী প্ৰতাপ ৰাও যাদৱে আজি নতুন দিল্লীত সাংবাদিকৰ আগত কয়, যে যোগ দিৱসৰ মূল কাৰ্যসূচী অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত অনুষ্ঠিত হ'ব আৰু এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব। লালকিল্লা, কৰ্তব্যপথ আৰু লোধি গার্ডেনকে ধৰি দিল্লীৰ ১১১ টা স্থানত য...

March 13, 2025 3:14 PM

views 46

একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ১০০ দিনীয়া ক্ষণগণনাৰ অংশ হিচাপে যোগ মহোৎসৱ, ২০২৫ মুকলি

কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী প্ৰতাপৰাও যাধৱে ২১ জুনত সমগ্ৰ বিশ্বত পালন কৰিবলগীয়া একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ১০০ দিনীয়া ক্ষণগণনাৰ অংশ হিচাপে আজি নতুন দিল্লীত যোগ মহোৎসৱ, ২০২৫ মুকলি কৰে। এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে ১০০ দিনৰ ভিতৰত দেশৰ বিভিন্ন অংশত ১০ টা বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হ'ব বুলি ঘোষণা কৰে। এই অনুষ্ঠানৰ অংশ হিচাপে ১০ খন সহযোগী ৰাষ্ট্ৰৰ সৈতে যোগ বন্ধন শীৰ্ষক যোগ বিনিময় কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে দেশৰ ১০ হাজাৰটা স্থানত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস...

June 21, 2024 12:26 PM

views 73

সমগ্র দেশতে আজি দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

সমগ্র দেশতে আজি দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু- কাশ্মীৰৰ শ্ৰীনগৰৰ শ্বেৰ-এ-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় অভিৱৰ্তন কেন্দ্ৰত আয়োজন কৰা মূল অনুষ্ঠানত অংশগ্রহণ কৰে। এই উপলক্ষে সমাজৰ বিভিন্ন শ্রেণীৰ সাত হেজাৰৰো অধিক লোকে শ্ৰীনগৰৰ ডাল হ্ৰদৰ পাৰত প্রধানমন্ত্ৰীৰ সৈতে যোগাভ্যাস কৰে। জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহা, কেন্দ্ৰীয় মন্ত্ৰী প্ৰতাপৰাও গণপতৰাও যাধৱ আৰু আন ভালেমান বিশিষ্ট ব্যক্তি অনুষ্ঠানত উপস্থিত থাকে। বিদেশী দূতাবাস আৰু ভাৰতীয় মিছনসমূহেও যোগৰ ব্...

June 20, 2024 7:35 PM

views 65

দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যোগ দিৱসৰ প্ৰস্তুতি অব্যাহত

নিজৰ লগতে সমাজৰ বাবে যোগ- এই বিষয় বস্তুৰে এইবাৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰিবলৈ লোৱা হৈছে। যোগ দিৱস উদযাপনৰ বাবে ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি অব্যাহত চলোৱা হৈছে। ব্যক্তিৰ, শাৰীৰিক, মানসিক সুস্থতা আৰু আধ্যাত্মিক বিকাশৰ লক্ষ্যৰে উদযাপন কৰা যোগ দিৱসৰ সৈতে সংগতি ৰাখি যোগ অনুশীলনৰ শিৱিৰ মুকলি কৰাৰ লগতে বিভিন্ন স্থানত যোগৰ প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। পৰিৱৰ্তিত জীৱনশৈলী, মানসিক চাপ দূৰীকৰণ আৰু শৰীৰটো সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত যোগৰ ভূমিকা অপৰিসীম।

June 18, 2024 6:26 PM

views 55

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ বাবে ৰাজ্যজুৰি ব্যাপক প্রস্তুতি অব্যাহত

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ বাবে ৰাজ্যজুৰি ব্যাপক প্রস্তুতি অব্যাহত আছে। বিভিন্ন জিলা প্রশাসনে যোগ দিৱস উদযাপনৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। এইবাৰৰ যোগ দিৱসৰ বিষয় হৈছে-নিজৰ লগতে সমাজৰ বাবে যোগ। দশম সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পূৰ্বে তেজপুৰৰ বায়ুসেনা শিবিৰ আৰু শোণিতপুৰৰ দেবেন্দ্ৰনগৰত থকা সীমান্ত সুৰক্ষা বলৰ ৬৮ বেটেলিয়নত ৰাষ্ট্ৰীয় আয়ুষ অভিযান, অসম আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত যোগ প্ৰশিক্ষণ শিবিৰ আয়োজন কৰা হৈছে। তেজপুৰৰ বায়ুসেনা শিবিৰত অনুষ্ঠিত যোগ প্ৰশিক্ষণ...

June 15, 2024 2:32 PM

views 68

দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পূৰ্বে স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্রৰ ১০ দিনীয়া যোগ মহোৎসৱৰ আয়োজন

দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পূৰ্বে ভাৰতীয় উচ্চায়ুক্তৰ সাংস্কৃতিক শাখা স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্রই ১০ দিনীয়া যোগ মহোৎসৱৰ আয়োজন কৰিছে। শনিবাৰে ৰাতিপুৱা কলম্বো টাউন হলত পৰিয়ালৰ বাবে যোগ যোগ শীর্ষক এক অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানটোত ভাৰতীয় সংস্থা সদগামায়া ফাউণ্ডেচন আৰু গংগাৰামায়া মন্দিৰেও সহযোগিতা আগবঢ়াইছিল। যোগ দিৱসৰ লগত সংগতি ৰাখি দেশখনত ২২ জুনলৈকে কেইবাটাও অনুষ্ঠান অনুষ্ঠিত হ'ব।

June 15, 2024 2:30 PM

views 58

আন্তর্জাতিক যোগ দিৱস উপলক্ষে সামাজিক মাধ্যম এক্সত প্রধানমন্ত্ৰী মোদীৰ অর্ধচক্ৰাসনৰ ভিডিঅ’ প’ষ্ট

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ জুনত উদযাপন কৰিবলগীয়া দশম আন্তর্জাতিক যোগ দিৱস উপলক্ষে আজি সামাজিক মাধ্যম এক্সত অর্ধচক্ৰাসনৰ ভিডিঅ' প'ষ্ট কৰিছে। ভিডিঅ'টো শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে হৃদযন্ত্ৰ ভালে ৰখা আৰু শৰীৰত তেজৰ চলাচল উন্নত কৰাৰ বাবে এই আসন অভ্যাস কৰিবলৈ সকলোকে আহ্বান জনায়। ভিডিঅ'টোত এই আসন কিদৰে কৰিব লাগে তাৰো বৰ্ণনা দিয়া হৈছে।