June 21, 2025 8:21 PM

views 60

মহিলা আৰু শিশু কল্যাণ নীতিত যোগৰ বিষয়টো অন্তৰ্ভুক্তিত আলোকপাত কৰা এটা প্ৰবন্ধ ছেয়াৰ প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলা আৰু শিশু কল্যাণ নীতিত যোগৰ বিষয়টো অন্তৰ্ভুক্তিত আলোকপাত কৰা এটা প্ৰবন্ধ ছেয়াৰ কৰিছে। মহিলা আৰু শিশু বিকাশ মন্ত্রী অন্নপূর্ণ দেৱীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে আজি কয়, যে মহিলা আৰু শিশু বিকাশ নীতিত যোগৰ অন্তৰ্ভুক্তিয়ে তৃণমূল পৰ্যায়ৰ স্বাস্থ্য আৰু কল্যাণ ব্যৱস্থা সুদৃঢ় কৰি তুলিছে। অন্নপূর্ণা দেৱীয়ে তেওঁৰ প্ৰবন্ধত গৰ্ভধাৰণৰ পূৰ্বে আৰু পাছত যোগক আকোৱালি ল'লে স্বাস্থ্যজনিত সমস্যাসমূহ ফলপ্ৰসূভাৱে ৰোধ কৰিব পৰা যায়। তেওঁ কয়, ...

June 19, 2025 6:50 PM

views 57

শনিবাৰে দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত উদযাপন কৰিবলগীয়া একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে ৰাজ্যৰ বিভিন্ন জিলাত প্ৰস্তুতি প্রায় সম্পূৰ্ণ

শনিবাৰে দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত উদযাপন কৰিবলগীয়া একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে ৰাজ্যৰ বিভিন্ন জিলাত প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। জিলাই জিলাই যোগ দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। হোজাই জিলাত এই দিৱস উদযাপনৰ বাবে সকলো প্রস্তুতি প্রায় সম্পূর্ণ হৈছে। জিলা প্ৰশাসনৰ উদ্যোগত আৰু লাচিত যোগ কেন্দ্ৰৰ সহযোগত এই দিৱস পালন কৰা হ'ব। দিৱসৰ প্ৰস্তুতিৰ বুজ লৈ যোগৰ অনুশীলনে বিশ্বত শান্তিৰ পৰিৱেশ ঘূৰাই আনিব বুলি স্থানীয় বিধায়ক ৰামকৃষ্ণ ঘোষে মন্তব্য কৰে।

June 15, 2025 1:45 PM

views 59

উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত দেৱালয়ৰ প্ৰাঙ্গনত একাদশ আন্তৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে কাউন্ট ডাউন কার্যসূচী অনুষ্ঠিত

ৰাষ্ট্ৰীয় আয়ুষ অভিযান অসম, কামৰূপ জিলা প্রশাসন আৰু কামৰূপ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আজি উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত দেৱালয়ৰ প্ৰাঙ্গনত একাদশ আন্তৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে কাউন্ট ডাউন কার্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত আৰ্ট অৱ লিভিঙে সহযোগ কৰে। অনুষ্ঠানত কামৰূপ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্র মুখ্য অতিথি হিচাপে উপস্থিত থাকে। এই অনুষ্ঠানত জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী, দেৱালয় পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ লগতে কেবাখনো বিদ্যালয়ৰ ৪০০ ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্রহণ কৰে।

April 28, 2025 12:53 PM

views 106

৮৩ টা সোণৰ পদকেৰে এছিয়া যোগাসন ক্রীড়া প্রতিযোগিতাত ভাৰতৰ বিশেষ সফলতা

এছিয়া যোগাসন ক্রীড়া প্রতিযোগিতাত ভাৰতে ৮৩টা সোণৰ পদকেৰে বিশেষ সফলতা প্ৰদৰ্শন কৰি পদক তালিকাত শীর্ষস্থান দখল কৰিছে। কালি দিল্লীত অনুষ্ঠিত প্ৰতিযোগিতাখনত ভাৰতে তিনিটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদকেৰে মুঠ ৮৭টা পদক লাভ কৰে। প্ৰতিযোগিতাখনত জাপানে ৩টা সোণ, ৩টা ৰূপ আৰু ওমান ৪টা ব্ৰঞ্জৰ পদক লাভ কৰি পদক তালিকাত দ্বিতীয় স্থান লাভ কৰিছে। ইয়াৰ পাছতে মংগোলীয়া, আৰু নেপালে তৃতীয়, চতুৰ্থ আৰু পঞ্চমস্থান লাভ কৰে। উজবেকিস্তান, শ্রীলংকা, থাইলেণ্ড, কাজাখাস্তান আৰু ভূটানৰ প্ৰতিযোগীসকলেও উল্লেখনীয় প্রদর্শন কৰে। প্ৰতি...

June 18, 2024 6:26 PM

views 54

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ বাবে ৰাজ্যজুৰি ব্যাপক প্রস্তুতি অব্যাহত

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ বাবে ৰাজ্যজুৰি ব্যাপক প্রস্তুতি অব্যাহত আছে। বিভিন্ন জিলা প্রশাসনে যোগ দিৱস উদযাপনৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। এইবাৰৰ যোগ দিৱসৰ বিষয় হৈছে-নিজৰ লগতে সমাজৰ বাবে যোগ। দশম সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পূৰ্বে তেজপুৰৰ বায়ুসেনা শিবিৰ আৰু শোণিতপুৰৰ দেবেন্দ্ৰনগৰত থকা সীমান্ত সুৰক্ষা বলৰ ৬৮ বেটেলিয়নত ৰাষ্ট্ৰীয় আয়ুষ অভিযান, অসম আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত যোগ প্ৰশিক্ষণ শিবিৰ আয়োজন কৰা হৈছে। তেজপুৰৰ বায়ুসেনা শিবিৰত অনুষ্ঠিত যোগ প্ৰশিক্ষণ...

June 15, 2024 2:32 PM

views 67

দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পূৰ্বে স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্রৰ ১০ দিনীয়া যোগ মহোৎসৱৰ আয়োজন

দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পূৰ্বে ভাৰতীয় উচ্চায়ুক্তৰ সাংস্কৃতিক শাখা স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্রই ১০ দিনীয়া যোগ মহোৎসৱৰ আয়োজন কৰিছে। শনিবাৰে ৰাতিপুৱা কলম্বো টাউন হলত পৰিয়ালৰ বাবে যোগ যোগ শীর্ষক এক অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানটোত ভাৰতীয় সংস্থা সদগামায়া ফাউণ্ডেচন আৰু গংগাৰামায়া মন্দিৰেও সহযোগিতা আগবঢ়াইছিল। যোগ দিৱসৰ লগত সংগতি ৰাখি দেশখনত ২২ জুনলৈকে কেইবাটাও অনুষ্ঠান অনুষ্ঠিত হ'ব।