December 24, 2024 9:10 AM December 24, 2024 9:10 AM
3
ৰাজ্যত খ্ৰীষ্টধৰ্মী লোকসকলৰ মাজত বৰদিনৰ আনন্দ-উল্লাস আৰম্ভ
বৰদিনৰ প্ৰাকক্ষণত ৰাজ্যত খ্ৰীষ্টধৰ্মী লোকসকলৰ মাজত বৰদিনৰ আনন্দ-উল্লাস আৰম্ভ হৈছে। এই উপলক্ষে গীৰ্জাঘৰৰ লগতে নিজ নিজ বাসগৃহসমূহ ৰং-বিৰঙী ফুল, তৰা, খ্ৰীষ্টমাছ ট্টী আৰু আলোকসজ্জাৰে সজ্জিত কৰি তোলা হৈছে। আজি মাজনিশাৰ পৰা গীর্জাসমূহত বৰদিনৰ বিশেষ সমূহীয়া প্ৰাৰ্থনাৰ লগতে কেৰল পৰিৱেশন কৰা হ'ব। প্ৰভু যীশুৰ প্ৰশংসা আৰু স্তুতি গীতেৰে ইতিমধ্যে গীৰ্জাসমূহ মুখৰ হৈ পৰিছে। ৰাজ্যৰ অন্যান্য জিলাসমূহৰ লগতে শিৱসাগৰ জিলাতো বৰদিনৰ আনন্দ-উল্লাস বিৰাজ কৰিছে। এই উপলক্ষে উত্তৰ-পূব ভাৰতৰ দ্বিতীয় পুৰণি গীর্জা ৰূপে পৰিচ...