December 22, 2025 11:55 AM December 22, 2025 11:55 AM

views 20

ৰাজ্যৰ ৮১৮গৰাকী ৪০ বছৰ অনূৰ্ধ্ব লেখক-লেখিকাক ‘যুৱ লেখক সন্মান’ৰ বাবে বাছনি

অসমীয়া, বাংলা, বড়ো ভাষাৰ লগতে মিচিং, কাৰ্বি, নেপালীকে ধৰি অসমৰ আন জনগোষ্ঠীয় ভাষাত সাহিত্য চৰ্চা কৰা ৮১৮গৰাকী ৪০ বছৰ অনুৰ্দ্ধ লেখক-লেখিকাক যুৱ লেখক সন্মানৰ বাবে বাছনি কৰা হৈছে। নির্বাচিত লেখক-লেখিকাসকলক অহা ২৪ ডিচেম্বৰত খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত অসম গ্রন্থমেলা প্ৰাঙ্গনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সম্বৰ্ধনা জনাব। সৃষ্টিশীল সাহিত্য চৰ্চাৰ বাবে লেখক-লেখিকাসকলক অনুপ্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে তেওঁলোকক ২৫ হাজাৰ টকাকৈ প্ৰদান কৰা হ'ব।