December 14, 2025 12:26 PM

views 32

ৰাষ্ট্ৰীয় মল্লযুঁজ প্রতিযোগিতাত অমন শ্বেৰাৱত আৰু অন্তিম পোংঘালৰ সোণৰ পদক অৰ্জন

আহমেদাবাদত অনুষ্ঠিত ৰাষ্ট্ৰীয় মল্লযুঁজ প্রতিযোগিতাত পেৰিছ অলিম্পিকৰ পদক বিজেতা অমন শ্বেৰাৱত আৰু বিশ্ব চেম্পিয়নশ্বিপৰ পদক বিজেতা অন্তিম পোংঘালে সোণৰ পদক অৰ্জন কৰিছে। ২০২৪ৰ পেৰিছ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজেতা অমণ শ্বেৰাৱতে ফ্রী ষ্টাইল শিতানত নিজৰ ৫৭ কিলোগ্রাম ওজনৰ সলনি ৬১ কিলোগ্রাম ওজন শাখাত প্রতিদ্বন্দ্বিতা কৰি ফাইনেলত নিখিলক ১০-০ ফলাফলত পৰাস্ত কৰি খিতাপ অৰ্জন কৰে। আনহাতে, অন্তিম পোংঘালেও ৫৩ কিলোগ্ৰামৰ সলনি ৫৫ কিলোগ্রাম ওজন শাখাত প্ৰতিদ্বন্দ্বিতা কৰি সোণৰ পদক অৰ্জন কৰে। প্রতিযোগিতাৰ আজি অন্তিম দ...

June 21, 2025 8:29 PM

views 43

ভিয়েটনামৰ ভুং টাঅ’ত অনুষ্ঠিত ২৩ বছৰ অনুৰ্ধৰ এচিয়ান চেম্পিয়নশ্বিপত ভাৰতৰ মহিলা মল্লযোদ্ধাসকলৰ দলীয় খিতাপ অৰ্জন

ভাৰতৰ মহিলা মল্লযোদ্ধাসকলে ১০ টা শাখাৰ প্ৰতিটোতে পদক জয় কৰি ভিয়েটনামৰ ভুং টাঅ'ত অনুষ্ঠিত ২৩ বছৰ অনুৰ্ধৰ এচিয়ান চেম্পিয়নশ্বিপৰ দলীয় খিতাপ অৰ্জন কৰিছে। ভাৰতে এই প্ৰতিযোগিতাত চাৰিটা সোণ আৰু পাঁচটা ৰূপৰ পদক লাভ কৰিছে। প্রিয়াংঞ্চি প্রজাপতে ৫০ কিলোগ্ৰাম, ৰিনাই ৫৫ কিলোগ্ৰাম, সৃষ্টিয়ে ৬৮ কিলোগ্ৰাম আৰু প্ৰিয়াই ৭৬ কিলোগ্রাম ওজন শাখাত সোণৰ পদক অৰ্জন কৰি দেশৰ হৈ গৌৰৱ কঢ়িয়াই আনে। ভাৰতৰ ৫ গৰাকী মহিলা মল্লযোদ্ধাই প্রতিযোগিতাত দ্বিতীয় স্থান লাভ কৰে ।

May 12, 2024 12:18 PM

views 37

অমন শ্বেহৰাৰ্ট, ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ বাবে কোটাত স্থান লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় পুৰুষ মল্লযোদ্ধা

অমন শ্বেহৰাৰ্ট, ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ বাবে কোটাত স্থান লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় পুৰুষ মল্লযোদ্ধা হিচাপে বিবেচিত হৈছে। শ্বেহৰাৱটে কালি তুৰস্কৰ ইস্তানবুলত অনুষ্ঠিত বিশ্ব মল্লযুঁজ অলিম্পিক যোগ্যতা নির্ণায়ক প্ৰতিযোগিতাৰ পুৰুষৰ ৫৭ কিলোগ্রাম ওজন শাখাৰ ছেমিফাইনেলত কোৰিয়াৰ চংছঙক ১২-২ ফলাফলত পৰাস্ত কৰি পেৰিছ অলিম্পিকৰ বাবে দেশৰ হৈ ষষ্ঠটো কোটা লাভ কৰে। উল্লেখযোগ্য যে, ৫ গৰাকীকৈ মহিলা মল্লযোদ্ধাই ইতিমধ্যে পেৰিছ অলিম্পিকৰ বাবে কোটা অৰ্জন কৰিবলৈ সমৰ্থ হৈছে।

April 21, 2024 1:14 PM

views 39

এছিয় অলিম্পিক কোৱালিফায়াৰ মল্লযুদ্ধ প্রতিযোগিতাৰ ফাইনেলত ৱিনেশ ফোগাট, অংশু মালিক আৰু ৰীতিকা হুডাৰ প্ৰৱেশ

ভাৰতৰ ৱিনেশ ফোগাট, অংশু মালিক আৰু ৰীতিকা হুডাই কিৰ্গীস্তানৰ বিছকেকত অনুষ্ঠিত এছিয় অলিম্পিক কোৱালিফায়াৰ মল্লযুদ্ধ প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰি পেৰিছ অলিম্পিকত খেলাৰ যোগ্যতা অৰ্জন কৰিছে। ফোগাটে কালি ৫০ কিলোগ্রাম ওজন শাখাৰ ছেমি ফাইনেলত কাজাখস্তানৰ লৌৰা গানিকীজিক ১০-০ ফলাফলত পৰাস্ত কৰে। একেদৰে অংশু মালিকে ৫৭ কিলোগ্রাম ওজন শাখাৰ ছেমি ফাইনেলত উজবেকিস্তানৰ লেলোখোন ছোবিৰভাক ১১-০ ফলাফলত পৰাভূত কৰে। আনহাতে, ৰীতিকাই ৭৬ কিলোগ্রাম ওজন শাখাত চীনা টাইপেৰ হুই টি চাঙক ৭-০ ফলাফলত পৰাস্ত কৰি ফাইনেলত স্থান নিশ...

April 15, 2024 7:26 PM

views 39

কির্গিস্তানত অনুষ্ঠিত ছিনিয়ৰ এছিয়ান মল্লযুঁজ প্ৰতিযোগিতাত ভাৰতীয় মহিলা দলৰ দুটাকৈ ৰূপ আৰু  ব্ৰঞ্জৰ পদক লাভ

কির্গিস্তানৰ বিচকেকত অনুষ্ঠিত ছিনিয়ৰ এছিয়ান মল্লযুঁজ প্ৰতিযোগিতাত ভাৰতীয় মহিলা মল্লযুঁজাৰুৰ দলটোৱে দুটা ৰূপৰ আৰু দুটা ব্ৰঞ্জৰ পদক লাভ কৰিছে। কালি অনুষ্ঠিত মহিলাৰ ৭২ কেজি শাখাৰ এখন খেলত ভাৰতৰ হৰ্ষিতা চীনৰ কুয়ান জিয়াঙৰ হাতত ২-৫ ফলাফলত পৰাস্ত হোৱাৰ বিপৰীতে অঞ্জু পাংঘাল ৫৩ কেজি শাখাত উত্তৰ কোৰিয়াৰ জি হিয়াং কিমৰ হাতত শূন্য-১০ ফলাফলত পৰাজিত হৈ ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয়। ইয়াৰ বিপৰীতে মহিলাৰ ৬৫ কেজি শাখাত ভাৰতৰ অন্তিম পাঘালে দক্ষিণ কোৰিয়াৰ ছু বিন কিমক পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। স...