March 11, 2025 1:01 PM March 11, 2025 1:01 PM
6
মহিলা প্রিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাত মুম্বাই ইণ্ডিয়ানছৰ হাতত গুজৰাট জায়েণ্টছ ৯ ৰাণত পৰাস্ত
মুম্বাইৰ ব্ৰে-বৰ্ণ ষ্টেডিয়ামত কালি অনুষ্ঠিত মহিলা প্রিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছে গুজৰাট জায়েণ্টছক ৯ ৰাণত পৰাস্ত কৰে। এই জয়ৰে মুম্বাই ইণ্ডিয়ানছে ডেলহী কেপিটলছৰ সমানে ১০ পইণ্ট লাভ কৰিবলৈ সমৰ্থ হৈছে যদিও কম নেট ৰাণ ৰেটৰ বাবে তালিকাৰ দ্বিতীয় স্থানত আছে। প্রথমে বেট ধৰি মুম্বাই ইণ্ডিয়ানছে নিৰ্ধাৰিত ২০ অভাৰত ৬টা উইকেটৰ বিনিময়ত ১৭৯ ৰাণ কৰে। দলটোৰ হৈ অধিনায়ক হৰমন প্রীত কৌৰে ৩৩ বলত ৫৪ ৰাণ কৰে। প্ৰত্যুত্তৰত গুজৰাট জায়েণ্টছে এটাই উইকেট হেৰুৱাই ১৭০ ৰাণহে কৰিবলৈ সমৰ্...