November 26, 2024 12:12 PM

views 34

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত ভাৰতীয় ক্রিকেট দলৰ শীর্ষস্থান দখল

ভাৰতীয় ক্রিকেট দলে পুনৰ এবাৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত শীর্ষস্থান দখল কৰিছে। ইয়াৰ পূৰ্বে নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত তিনিখনীয়া টেষ্ট শৃংখলাত ভাৰতে পৰাজয়বৰণ কৰাৰ পাছত পইণ্ট তালিকাৰ শীৰ্ষস্থান হেৰুৱাই দ্বিতীয় স্থানলৈ অৱনমিত হৈছিল। সেই সময়ত ভাৰতক অতিক্রমী অষ্ট্ৰেলিয়াই তালিকাৰ শীৰ্ষস্থান দখল কৰিছিল। কিন্তু অষ্ট্ৰেলিয়াৰ পাৰ্থত খেলা প্ৰথমখন টেষ্টত জয়লাভ কৰাৰ পাছতে ভাৰতে ডব্লিউ টি চি পইণ্ট তালিকাৰ শীৰ্ষস্থান পুনৰুদ্ধাৰ কৰিবলৈ সমৰ্থ হয়। বর্তমানে ভাৰতীয় ক্রিকেট দলৰ ১৫ খন খেলত...