February 12, 2025 6:31 PM

views 28

বিশ্ব অনাতাঁৰ দিৱস উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্রৰ আকাশী লহৰ শীর্ষক বিশেষ অনুষ্ঠানৰ আয়োজন

কাইলৈ বিশ্ব অনাতাঁৰ দিৱস। এই উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্রই কাইলৈ সন্ধিয়া ৬ বজাত গুৱাহাটীৰ চানমাৰিত থকা অসম অভিযান্ত্রিক প্রতিষ্ঠানৰ প্রেক্ষাগৃহত আকাশী লহৰ শীর্ষক এটি বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানত বিশ্ব অনাতাঁৰ দিৱসৰ এই বছৰৰ প্রতিপাদ্য বিষয় "ৰেডিঅ' আৰু জলবায়ু পৰিৱর্তন বিষয়ত বক্তৃতা প্রদান কৰিব ড° অৱনী কুমাৰ ভাগৱতীয়ে। অনুষ্ঠানত আকাশবাণী গুৱাহাটী কেন্দ্রত সেৱাৰত অনুষ্ঠান পৰিৱেশকসকলে গীত, আবৃত্তি, অভিনয়ৰ বিচিত্রানুষ্ঠান পৰিৱেশন কৰিব। নগাঁওৰ মধ্য অসম ৰেডিঅ' শ্রোতা সংঘই ১৩ ফেব্ৰুৱাৰী...