September 29, 2024 7:05 PM

views 46

বিশ্ব জলাতংক দিৱস উপলক্ষে গোৱালপাৰা জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সপ্তাহজোৰা কাৰ্যসূচী

বিশ্ব জলাতংক দিৱস উপলক্ষে গোৱালপাৰা জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগে কালিৰে পৰা সপ্তাহজোৰা কাৰ্যসূচী ৰূপায়ণ কৰিছে। কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আজি বিভাগৰ কাৰ্যালয়ত কুকুৰক ছিটা প্ৰদান আৰু সজাগতা সভা অনুষ্ঠিত হয়। এই অনুষ্ঠানত খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ অনুজীৱ বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰববী অধ্যাপক ডাঃ দিলীপ শৰ্মা আৰু বিভাগটোৰ অধ্যাপক ডাঃ ৰাজীৱ শৰ্মা উপস্থিত থাকি ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰে।

September 28, 2024 7:43 PM

views 23

আজি বিশ্ব জলাতংক দিৱস

আজি বিশ্ব জলাতংক দিৱস। প্রতিষেধকবিহীন কুকুৰ বা অন্য জীৱ জন্তুৱে কামোৰাৰ ফলত দেখা দিয়া এই ৰোগ সন্দৰ্ভত বিশ্বজুৰি সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰা হয়। এইবাৰৰ এই দিৱসৰ মূল বিষয় হ'ল ব্ৰেকিং ৰেবিজ বাউণ্ডেৰিজ অর্থাৎ জলাতংক ৰোগৰ সজাগতাৰ ক্ষেত্ৰত সীমা অতিক্ৰম কৰা। জৰীপ অনুসৰি প্ৰতিবছৰে সমগ্ৰ বিশ্বত এই ৰোগত ৫৯ হাজাৰ লোকৰ মৃত্যু হয়। বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা স্বীকৃত জি এ আৰ চি নামৰ সংস্থাৰ উদ্যোগত ২০০৭ বৰ্ষৰ আজিৰ দিনটোত প্ৰথম বিশ্ব জলতংক দিৱস পালন কৰা হৈছে। জলাতংক ৰোগৰ প্ৰথমটো প্ৰতিষেধক বিকশা...