July 11, 2025 7:52 PM

views 11

সমগ্ৰ বিশ্বতে আজি বিশ্ব জনসংখ্যা দিৱস পালন

আজি বিশ্ব জনসংখ্যা দিৱস। সমগ্ৰ বিশ্বতে জনসংখ্যা বৃদ্ধিৰ ফলত উদ্ভৱ হোৱা প্ৰত্যাহ্বানৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিবছৰে ১১ জুলাইত এই দিৱস পালন কৰা হয়। পৰিৱেশ তথা উন্নয়নকে ধৰি জনসংখ্যাৰ সৈতে জড়িত বিষয়সমূহৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ১৯৯০ চনৰ ডিচেম্বৰত গ্ৰহণ কৰা এটা প্ৰস্তাৱৰ জৰিয়তে বিশ্ব জনসংখ্যা দিৱস পালনৰ সিদ্ধান্ত গ্ৰহণ কৰে। ১৯৯০ চনৰ ১১ জুলাইত বিশ্বৰ ৯০ খনতকৈও অধিক দেশত প্ৰথমবাৰৰ বাবে এই দিৱস পালন কৰা হৈছিল। এইবাৰৰ দিৱসৰ মূল বিষয় হ’ল মাতৃ আৰু শিশু উভয়ৰে সুস্বাস...