May 26, 2024 7:18 PM

views 36

ভাৰতৰ ছিমৰন শৰ্মাৰ বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন

ভাৰতৰ ছিমৰন শৰ্মাই জাপানৰ ক'বেত অনুষ্ঠিত বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপৰ মহিলাৰ ২০০ মিটাৰ দৌৰৰ টি-টুৱেলভ শাখাত সোণৰ পদক অৰ্জন কৰিছে। খেলুৱৈগৰাকীয়ে কালি ২৪ দশমিক ৯-৫ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি স্বৰ্ণপদক হস্তগত কৰাৰ লগতে পেৰালিম্পিকৰ হৈ যোগ্যতা অৰ্জন কৰে। ভাৰতে এইবাৰ বিশ্ব পেৰা এথলেটিক্স চেম্পিয়নশ্বিপত ৬টা সোণসহ মুঠ ১৭টা পদক লাভ কৰে।

May 20, 2024 8:55 PM

views 18

জাপানত অনুষ্ঠিত পেৰা এথলেটিকছ বিশ্ব চেম্পিয়নশ্বিপত ভাৰতৰ দীপ্তি জীৱনজীৰ সোণৰ পদক অৰ্জন

ভাৰতৰ দীপ্তি জীৱনজীয়ে জাপানৰ ক’বেত অনুষ্ঠিত পেৰা এথলেটিকছ বিশ্ব চেম্পিয়নশ্বিপ-২০২৪ত আজি মহিলাৰ ৪০০ মিটাৰ T20 শাখাত সোণৰ পদক অৰ্জনৰ লগতে বিশ্ব অভিলেখ গঢ়িছে। দীপ্তিয়ে ৫৫ দশমিক ০-৭ ছেকেণ্ডেৰে আমেৰিকাৰ ব্ৰিয়ানা ক্লার্কৰ পূৰ্বৰ ৫৫ দশমিক ১-২ ছেকেণ্ডৰ বিশ্ব অভিলেখ ভংগ কৰে। আনহাতে ভাৰতৰ যোগেশ কাথুনিয়াই পুৰুষৰ ডিছকাছ থ্ৰ' F56 শাখাৰ ফাইনেলত ৰূপৰ পদক অৰ্জন কৰিছে। ইপিনে কালি ভাৰতৰ নিছাদ কুমাৰে হাই জাম্পত ৰূপৰ পদক আৰু প্ৰীতি পলে মহিলাৰ ২০০ মিটাৰ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। নিছাদ কুমাৰে পুৰুষৰ হাই জাম...