June 8, 2024 9:00 PM

views 15

আজি বিশ্ব সমুদ্ৰ দিৱস উদযাপন

সামুদ্রিক অঞ্চলৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, প্ৰদূষণ হ্ৰাসৰ লগতে পৃথিৱীৰ উপৰিভাগ বাসোপযোগী কৰি ৰখাৰ লক্ষ্যৰে সজাগতা সৃষ্টিৰ বাবে আজি বিশ্ব সমুদ্ৰ দিৱস উদযাপন কৰা হৈছে। উল্লেখযোগ্য যে পৃথিৱীৰ উপৰিভাগৰ ৭০ শতাংশ সমুদ্রই আৱৰি আছে। সমুদ্ৰৰ পৰা পৃথিৱীৰ ৫০ শতাংশ অম্লজান উৎপন্ন হোৱাৰ লগতে ইয়াত অজস্ৰ জীৱ প্ৰজাতি পোৱা যায়। সামুদ্রিক অঞ্চলে পৃথিৱীৰ জৈৱ বৈচিত্ৰ্যৰ ভাৰসাম্য ৰক্ষা কৰাৰ লগতে মানৱ জাতিৰ অস্তিত্বৰ অন্যতম চৰ্ত হিচাপে বিবেচিত হৈ আহিছে। অৱশ্যে বিভিন্ন কার্যকলাপ বিশেষকৈ সভ্যতাৰ বিকাশৰ বাবে মানুহে কৰা ক...