May 22, 2025 6:44 PM

views 17

বিশ্ব মাষ্টাৰ্ছ গেমছৰ ডিছকাছ থ্ৰ’ প্রতিযোগিতাত নীলা বসুমতাৰীৰ সোণৰ পদক অৰ্জন

টাইৱানৰ টাইপেই চহৰত অনুষ্ঠিত বিশ্ব মাষ্টাৰ্ছ গেমছৰ ডিছকাছ থ্ৰ' প্রতিযোগিতাত কোকৰাঝাৰৰ নীলা বসুমতাৰীয়ে সোণৰ পদক অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। ইয়াৰ পূৰ্বে নীলাই এই আন্তঃৰাষ্ট্ৰীয় ক্রীড়া প্রতিযোগিতাত শ্বটপুট দলিয়াই ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল। প্ৰতিযোগিতাৰ ত্ৰিপ’ল জাম্পত তিনিচুকীয়াৰ গীতাঞ্জলি বৰাই ৰূপৰ পদক লাভ কৰিবলৈ সমৰ্থ হয়।