August 10, 2024 6:05 PM

views 26

আজি বিশ্ব সিংহ দিৱস উদযাপন

আজি বিশ্ব সিংহ দিৱস উদযাপন কৰা হৈছে। গুজৰাটত মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ উপস্থিতিত চাছন গীৰত বিশ্ব সিংহ দিৱস উদযাপনৰ আয়োজন কৰা হৈছে। ৰাজ্যখনৰ সৌৰাষ্ট্ৰ অঞ্চলৰ ১১ খন জিলাত এই দিৱস উদযাপনৰ বৃহৎ কাৰ্যসূচী লোৱা হৈছে। ইয়াত ১১ হেজাৰৰো অধিক শিক্ষা প্ৰতিষ্ঠানৰ ২১ লাখৰো অধিক লোকে অংশগ্রহণ কৰিব। একমাত্র গুজৰাটত বাস কৰা এছিয় সিংহৰ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যেই এই দিৱস উদযাপন কৰা হয়। চৰকাৰীভাৱে ঘোষণা কৰা অনুসৰি সিংহৰ সংখ্যা ১৯৯০ চনৰ ২৮৪ টাৰ পৰা ২০২০ চনত ৬৭৪টা লৈ বৃদ্ধি হৈছে।