April 18, 2025 10:22 AM
23
সমগ্ৰ বিশ্বতে আজি বিশ্ব ঐতিহ্য দিৱস পালন
সমগ্ৰ বিশ্বতে আজি বিশ্ব ঐতিহ্য দিৱস পালন কৰা হৈছে। এই দিনটোত কীৰ্তি চিহ্ন আৰু ঐতিহ্যৰ স্থানসমূহৰ দিন হিচাপেও জনা যায়৷ এই বছৰ এই দিৱসৰ বিষয় বস্তু হৈছে : ঐতিহ্যমণ্ডিত স্থানসমূহত দুৰ্যোগ আৰু সংঘাতৰ ভাবুকি৷ বিশ্বৰ সাংস্কৃতিক আৰু প্ৰাকৃতিক ঐতিহ্যসমূহৰ সুৰক্ষা তথা সেইসমূহৰ প্ৰতি সন্মান জনোৱাৰ উদ্দেশ্যে প্ৰতি বছৰে ১৮ এপ্ৰিলৰ দিনটোত এই দিৱস পালন কৰি অহা হৈছে। বিগত বছৰসমূহত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত ভাৰতৰ স্থিতি উন্নত হৈ উঠা পৰিলক্ষিত হৈছে। এই তালিকাত ভাৰতৰ ৪৩টা স্থান অন্তৰ্ভুক্ত হৈ আছে আৰু ৬২টা স্...