June 7, 2024 12:24 PM

views 14

আজি বিশ্ব খাদ্য সুৰক্ষা দিৱস

আজি বিশ্ব খাদ্য সুৰক্ষা দিৱস। অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অন্তৰ্গত খাদ্য সুৰক্ষা আয়ুক্তালয়ে অপ্রত্যাশিত পৰিস্থিতিৰ বাবে প্ৰস্তুতি শীৰ্ষক বিষয়বস্তুৰে এই দিৱস পালনৰ আয়োজন কৰিছে। পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত পুৱা ১০ বাজি ৩০ মিনিটৰ পৰা  হোৱা এই অনুষ্ঠানত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে।