June 6, 2025 12:17 PM June 6, 2025 12:17 PM
13
পৰিৱেশ কৰ্মী কুমুদ বৰুৱাক কেয়াৰ লুইত আৰু বিশ্বনাথৰ উত্তৰ চাৰিআলি সন্মিলিত মঞ্চৰ সম্বৰ্ধনা জ্ঞাপন
কেৱল পৰিৱেশ দিৱসৰ দিনাখনেই নহয় বছৰটোৰ প্ৰতিটো দিনেই পৰিৱেশ ৰক্ষাৰ বাবে কাম কৰি যোৱা অবিভক্ত শোণিতপুৰ জিলাৰ এজন পৰিৱেশ কৰ্মী হৈছে বিশ্বনাথৰ কুমুদ বৰুৱা। পেচাত এগৰাকী জ্যেষ্ঠ অধিবক্তা বৰুৱাই বিশ্বনাথ নগৰখনত প্ৰায় ১০ হাজাৰ গছপুলি ৰোপণ আৰু প্ৰতিপালন কৰি নগৰখনক সেউজ কৰি ৰখাত যথেষ্ট অৰিহনা যোগাইছিল। তেজপুৰ নগৰতো তেওঁ ৰোপণ কৰা ভালেসংখ্যক গছ-লতা এতিয়া জাতিষ্কাৰ হৈ উঠিছে। গছপুলি ৰোপণৰ বাবেই তেওঁ নিজৰ ভূমি আৰু বাহনো বিক্ৰী কৰি ধনৰ যোগাৰ কৰিছিল। ২০২৩ চনত এটা পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ বৰ্তমান শয্যা...