August 12, 2025 8:53 PM
23
আজি বিশ্ব হস্তী দিৱস
হস্তী সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ লগতে হাতী মানুহৰ সংঘাত হ্ৰাস কৰাৰ বাবে আজি বিশ্ব হস্তী দিৱস পালন কৰা হয়। এই উপলক্ষে মানস ৰাষ্ট্ৰীয় উদ্যানত বিশেষ কার্যসূচী অনুষ্ঠিত হয়। উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ মুখ্য প্রবেশদ্বাৰত আজি হাতীক খাদ্য খুওৱাৰ লগতে মাউতসকলক বস্ত্ৰ প্ৰদান কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত হস্তী সন্দৰ্ভত কুইজ প্রতিযোগিতা অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় উদ্যানখনৰ মানস ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক ড° চি ৰমেশে প্ৰকাশ কৰা মতে, উদ্যানখনত কমেও এহেজাৰ ৭০...