July 14, 2024 12:35 PM July 14, 2024 12:35 PM

views 9

ভাৰতৰ বিশ্ব ক্রিকেট চেম্পিয়নশ্বিপ অব্ লিজেণ্ডছৰ খিতাপ দখল

ভাৰতে কালি পাকিস্তানক পৰাস্ত কৰি বিশ্ব ক্রিকেট চেম্পিয়নশ্বিপ অব্ লিজেণ্ডছৰ খিতাপ দখল কৰে । ইংলেণ্ডৰ বার্মিংহামত অনুষ্ঠিত প্রতিযোগিতাৰ ফাইনেলত অধিনায়ক যুৱৰাজ সিং নেতৃত্বাধীন ভাৰতীয় দলটো ৫টা উইকেট বাকী থকা অৱস্থাত জয়ৰ লক্ষ্যত উপনীত হয়। অম্বাটি ৰাইডুৰ অৰ্ধ শতকে ভাৰতীয় দলটোক জয়ৰ দিশে আগুৱাই নিয়াৰ লগতে গুৰ্কিৰাট মানৰ ৩৪ ৰান, য়ুছুফ পাঠানৰ ১৬টা বলত ৩০ ৰানে দলৰ জয় নিশ্চিত কৰে। পাকিস্তানৰ হৈ ছোহেইল টনবীৰে তিনিটা উইকেট দখল কৰে। পাকিস্তানে প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১৫৭ ৰ...