September 7, 2024 12:36 PM

views 16

বিশ্ব মল্লযুদ্ধ প্রতিযোগিতাৰ মহিলাৰ ৬২ কিলোগ্রাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানত নিটিকাইৰ ৰূপৰ পদক অৰ্জন

ভাৰতৰ নিটিকাই কালি স্পেইনৰ প'ণ্টেৱেড্ৰাত অনুষ্ঠিত ২০ বছৰৰ অনুৰ্ধৰ বিশ্ব মল্লযুদ্ধ প্রতিযোগিতাৰ মহিলাৰ ৬২ কিলোগ্রাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানত ৰূপৰ পদক অৰ্জন কৰে। নিটিকাই ফাইনেলত ইউক্রেইনৰ মল্লযোদ্ধা ইৰিনা বোন্দাৰাৰ হাতত ১-৪ ফলাফলত পৰাজিত হয়। খেলুৱৈগৰাকীয়ে যোৱা বছৰ ২০ বছৰৰ অনুৰ্ধৰ এছিয়ান চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰিছিল। ভাৰতে বৰ্তমানলৈকে ২০ বছৰৰ অনুৰ্ধৰ বিশ্ব মল্লযুদ্ধ প্রতিযোগিতাত এটা সোণ, এটা ৰূপ আৰু তিনিটা ব্ৰঞ্জসহ মুঠ ৫টা পদক লাভ কৰিছে।