February 4, 2025 7:57 PM February 4, 2025 7:57 PM
6
আজি বিশ্ব কৰ্কট দিৱস
আজি বিশ্ব কৰ্কট দিৱস। কৰ্কট ৰোগ সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লগতে এই ৰোগত আক্ৰান্তসকলৰ সহনশীলতা বৃদ্ধি তথা ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ৰোগীৰ পৰিয়ালৰ সহযোগিতাৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে ৪ ফেব্ৰুৱাৰীত এই দিৱস পালন কৰা হয়। এইবছৰৰ বিশ্ব কৰ্কট ৰোগ দিৱসৰ মূল বিষয় হৈছে- United by Unique। এই দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন চিকিৎসালয়, প্রাথমিক স্বাস্থ্য কেন্দ্ৰত কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। চৰাইদেউ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আৰু অসম কৰ্কট পৰিচৰ্যা সংস্থাৰ সহযোগত আজি চৰাইদেউ...