November 21, 2025 11:09 AM
30
বিশ্ব বক্সিং কাপ ফাইনেল প্রতিযোগিতাৰ অন্তিম দিনা ভাৰতৰ ৯টা সোনৰ পদক
ভাৰতে উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়দাত অনুষ্ঠিত বিশ্ব বক্সিং কাপ ফাইনেল প্রতিযোগিতাৰ কালি অন্তিম দিনা ৯টা সোনৰ পদক জয় কৰে। মহিলাৰ শাখাত জেছমিন লেম্বৰিয়া, নিখাট জনি, প্রবীন হুদা, অৰুন্ধতি চৌধাৰী, প্ৰীতি পাৱাৰ, মীনাক্ষী হুদা আৰু নুপুৰ ছিঅ'ৰানে কালি ঐতিহাসিক সাফল্যৰে নিজ নিজ শাখাত সোণৰ পদক অৰ্জন কৰে । জেছমিন লেম্বৰিয়াই মহিলাৰ ৫৭ কিলোগ্রাম ওজন শাখাত চীনা টাইপেইৰ ৱু শ্বিহ য়িক ৪-১ ফলাফলত পৰাভূত কৰে। নিখাট জৰিনে ৫১ কিলোগ্রাম ওজন শাখাত চীনা টাইপেইৰ আন এগৰাকী খেলুৱৈ ছুৱান য়ি গুঅ'ক ৫-০ ফলাফলত পৰাস্ত কৰি ...