May 11, 2024 11:09 AM

views 21

আজি বিশ্ব পক্ষী দিৱস, গুৱাহাটীৰ চানমাৰিৰ পেন্সনাৰ ভৱনত পক্ষী দিৱসৰ আয়োজন

আজি বিশ্ব পক্ষী দিৱস। ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত আজি ২০ সংখ্যক বিশ্ব পক্ষী দিৱস উদযাপন কৰা হৈছে। এই উপলক্ষে পৰিষদে চানমাৰিৰ পেন্সনাৰ ভৱনত বিস্তৃত কাৰ্যসূচীৰে পক্ষী দিৱস উদযাপনৰ আয়োজন কৰিছে। সেই অনুসৰি আজি পতাকা উত্তোলন, স্মৃতি তর্পণ, গছপুলি ৰোপন, পক্ষী আৰু প্ৰকৃতি সম্বন্ধে লিখা স্ব-ৰচিত কবিতা পাঠ আৰু গীত-মাতৰ অনুষ্ঠান অনুষ্ঠিত হ'ব। আনহাতে দুপৰীয়া অনুষ্ঠিত হ'বলগীয়া মুকলি সভা তথা পক্ষী আৰু প্ৰকৃতি বিষয়ক আলোচনা-চক্ৰত মুখ্য অতিথি হিচাপে শিক্ষাবিদ ড° দয়ানন্দ পাঠককে ধৰি বহুসংখ্যক লোকে অ...