January 16, 2026 12:27 PM

views 13

অসমত ৪০ লাখ শিক্ষার্থীৰ দক্ষতা বিকাশৰ উদ্দেশ্যে তিনিটা প্রকল্পত বিশ্ব বেংকৰ অনুমোদন

 বিশ্ব বেংকে ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাৰ উন্নয়ন, সকলো বতৰৰ অনুকূল আন্তঃগাঁথনি নির্মাণ আৰু সেৱা প্রদান প্ৰক্ৰিয়া সুচল কৰি তোলাৰ লগতে ৪০ লাখ শিক্ষার্থীৰ দক্ষতা বিকাশৰ উদ্দেশ্যে তিনিটা প্রকল্পত অনুমোদন জনাইছে। ভাৰতৰ বাবে থকা বিশ্ব বেংকৰ কাৰ্যবাহী সঞ্চালক প'ল প্রছিয়ে প্রকাশ কৰা মতে ৩৫ কোটি ডলাৰেৰে ৰূপায়ণ কৰিবলগীয়া অসম দুর্যোগ অনুকূল পথ উন্নয়ন প্রকল্পই বিশেষকৈ পাহাৰীয়া ঠাইসমূহত সকলো বতৰৰ বাবে অনুকূল পথ নির্মাণত সহায় কৰিব আৰু জনজাতীয় তথা গ্রামাঞ্চলৰ যাত্ৰীসকলৰ যাত্ৰাৰ সময় ৰাহি কৰাত সহায় কৰিব। এই প্রকল্পই...

September 4, 2024 11:56 AM

views 30

বিশ্ব বেংকৰ শেহতীয়া প্ৰতিবেদন অনুসৰি ২০২৪-২৫ বিত্তীয় বৰ্ষত দেশৰ বিকাশ হাৰ ৭ শতাংশলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা

বিশ্ব বেংকে কৈছে যে প্ৰত্যাহ্বানজনক বাহ্যিক পৰিস্থিতি সত্বেও ভাৰত সম্পৰ্কীয় মধ্যৱৰ্তী সময়ছোৱাৰ দৃষ্টিভংগী ইতিবাচক হৈ থকাৰ সম্ভাৱনা আছে। ভাৰত বিকাশ আপডেট : পৰিৱৰ্ত্তিত গোলকীয় প্ৰেক্ষাপটত ভাৰতৰ বাণিজ্যিক সুযোগ শীৰ্ষক বিশ্ব বেংকৰ শেহতীয়া প্ৰতিবেদন অনুসৰি ২০২৪-২৫ বিত্তীয় বৰ্ষত দেশৰ বিকাশ হাৰ ৭ শতাংশলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ২০২৫-২৬ আৰু ২০২৬-২৭ বৰ্ষতো এই হাৰ শক্তিশালী হৈ থাকিব। প্ৰতিবেদনত লগতে ৰাজহ বৃদ্ধি আৰু বিত্তীয় সুদৃঢ়কৰণৰ ফলস্বৰূপে ঋণ আৰু মুঠ ঘৰুৱা উৎপাদনৰ অনুপাত ২০২৩-২৪ বিত্তীয় বৰ্ষ...

September 3, 2024 8:06 PM

views 35

২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে বিশ্ব বেংকে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ হাৰ সম্পৰ্কীয় পূর্বানুমান পূৰ্বৰ ৬.৬ শতাংশৰ পৰা ৭ শতাংশলৈ বৃদ্ধি কৰিছে

বিশ্ব বেংকে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ হাৰ সম্পৰ্কীয় পূর্বানুমান পূৰ্বৰ ৬.৬ শতাংশৰ পৰা ৭ শতাংশলৈ বৃদ্ধি কৰিছে। আন্তৰাষ্ট্ৰীয় বিত্তীয় প্রতিষ্ঠানটোৱে কৈছে যে, ব্যক্তিগত ব্যৱহাৰ আৰু বিনিয়োগৰ দৰে মুখ্য কাৰকসমূহৰ বাবে মধ্যৱৰ্তী সময়ছোৱাত দেশৰ আৰ্থিক বিকাশৰ হাৰ শক্তিশালী হৈ থাকিব। আন্তৰাষ্ট্ৰীয় মুদ্ৰানিধি আই এম এফেও আশাব্যঞ্জক দৃষ্টিভংগী প্রকাশ কৰি ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে ভাৰতত মুঠ ঘৰুৱা উৎপাদনৰ হাৰ সম্পৰ্কীয় পূর্বানুমান ২০ আধাৰ পইণ্ট বৃদ্ধি কৰি ৭ শতাংশলৈ উন্নী...

April 3, 2024 7:21 PM

views 31

 চলিত বৰ্ষত ভাৰতীয় অর্থনীতিৰ বিকাশৰ হাৰ ৭.৫ শতাংশ হোৱাৰ পূর্বানুমান বিশ্ববেংকৰ

♦ বিশ্ববেংকে চলিত বৰ্ষত ভাৰতীয় অর্থনীতিৰ বিকাশৰ হাৰ ৭.৫ শতাংশ হ'বগৈ বুলি পূর্বানুমান কৰিছে। বিশ্ব বেংকৰ শেহতীয়া দক্ষিণ এছিয়া উন্নয়নমূলক প্রতিবেদন মতে ২০২৪ চনত সামগ্ৰিকভাৱে দক্ষিণ এছিয়াৰ অর্থনৈতিক বিকাশ ৬ শতাংশলৈ বৃদ্ধি পাইছে। ইয়াৰ মূলতে হৈছে ভাৰতৰ উন্নয়ন আৰু পাকিস্তান তথা শ্রীলংকাৰ অর্থনৈতিক অৱস্থাৰ উন্নতি। প্রতিবেদন অনুসৰি ৬.১ শতাংশ বৃদ্ধিৰ হাৰেৰে ২০২৫ চনত দক্ষিণ এছিয়া বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি হোৱা অর্থনৈতিক অঞ্চলৰূপে পৰগণিত হোৱাৰ থল আছে।