December 21, 2025 11:47 AM

views 36

বিশ্ব বেডমিণ্টন ট্যুৰ ফাইনেল ২০২৫ত ভাৰতৰ সাত্বিকছাইৰাজ ৰেনকিৰেড্ডী আৰু ছিৰাগ ছেট্টীৰ যুটীটোৱে ব্ৰঞ্জৰ পদক লাভ

চীনৰ হাংজোত অনুষ্ঠিত বিশ্ব বেডমিণ্টন ট্যুৰ ফাইনেল ২০২৫ত ভাৰতৰ সাত্বিকছাইৰাজ ৰেনকিৰেড্ডী আৰু ছিৰাগ ছেট্টীৰ যুটীটোৱে ব্ৰঞ্জৰ পদক লাভ কৰিছে। তেওঁলোকে চীনা যুটী লিয়ান উই কেং আৰু ৱাং চাঙক চেমিফাইনেলত ১০-২১, ২১-১৭, ২১-১৩ গেমত পৰাজিত কৰে। এই প্ৰতিযোগিতাত ভাৰতীয় শ্বাটলাৰে দ্বিতীয়বাৰৰ বাবে পদক লাভ কৰিছে। ইয়াৰ পূৰ্বে ২০১৮ চনত পি ভি সিন্ধুৱে মহিলাৰ একক শাখাত খিতাপ দখল কৰি সোণৰ পদক লাভ কৰিছিল৷