December 1, 2025 10:31 AM December 1, 2025 10:31 AM

views 31

আজি বিশ্ব এইডছ দিৱস

● আজি বিশ্ব এইডছ দিৱস। এইডছ সন্দৰ্ভত সজাগতা সৃষ্টিৰ লগতে এই ৰোগত মৃত্যু হোৱা লোকসকলৰ প্রতি সমবেদনা প্রকাশেৰে ১৯৮৮ চনৰ পৰা প্ৰতিবছৰৰ ১ ডিচেম্বৰৰ দিনটো বিশ্ব এইডছ দিৱস হিচাপে পালন কৰি অহা হৈছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি বিশ্ব এইডছ দিৱস উপলক্ষে বিভিন্ন সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগ আৰু ৰাজ্য চৰকাৰৰ সহযোগত শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত কেন্দ্ৰীয়ভাৱে বিশ্ব এইডছ দিৱস পালনৰ আয়োজন কৰা হৈছে। এইবাৰৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে- ...

December 1, 2024 6:59 PM December 1, 2024 6:59 PM

views 15

এইডছ আই ভি আক্রান্ত লোকসকলৰ প্ৰতি সহমর্মিতা প্ৰদৰ্শন কৰিবলৈ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্রকাশ নাড্ডাৰ আহ্বান

এইডছ আই ভি আক্রান্ত লোকসকলৰ প্ৰতি সহমর্মিতা প্ৰদৰ্শন কৰিবলৈ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্রকাশ নাড্ডাই আজি মধ্যপ্রদেশত আয়োজিত বিশ্ব এইডছ দিৱসৰ অনুষ্ঠানত আহ্বান জনায়। ইন্দোৰত আয়োজিত এই অনুষ্ঠানত দিয়া ভাষণত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইডছ আই ভি আক্রান্ত লোকসকলৰ মানৱ অধিকাৰৰ সুৰক্ষা প্ৰদান কৰা বিষয়তে গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, যে এইডছ আই ভি সুৰক্ষা আইন ২০১৭ ৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে এই লোকসকলৰ সৈতে হোৱা বৈষম্য দূৰ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। প্রধানমন্ত্ৰী নৰে...

December 1, 2024 6:22 PM December 1, 2024 6:22 PM

views 35

ৰাজ্যৰ বিভিন্ন ঠাইত বিশ্ব এইডছ দিৱস পালন

আজি বিশ্ব এইডছ দিৱস। ACQUIRED IMMUNO DEFICIENCY SYNDROMEৰ বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে আজিৰ দিনটোত এইডছ দিৱস পালন কৰা হয়। এই দিনটোৱে জনসাধাৰণক HIVৰ বিৰুদ্ধে যুঁজ দিবলৈ একগোট হোৱাৰ লগতে এইডছ সংক্রমিত লোকৰ প্ৰতি সমর্থন জনোৱাৰ সুযোগ প্ৰদান কৰে। ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্রণ সংস্থাই ১৯৯২ চনৰে পৰা প্ৰতি বছৰে আজিৰ দিনটোত বিশ্ব এইডছ দিৱস পালন কৰি আহিছে। এইবাৰৰ এইডছ দিৱসৰ মূল বিষয়বস্তু হ'ল- মোৰ স্বাস্থ্য মোৰ অধিকাৰ ৷ নগাঁৱৰ নেহৰুবালিত অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত কে...

December 1, 2024 12:18 PM December 1, 2024 12:18 PM

views 11

আজি বিশ্ব এইডছ দিৱস

আজি বিশ্ব এইডছ দিৱস। Acquired Immuno Deficiency Syndrome ৰ বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে আজিৰ দিনটোত এইডছ দিৱস পালন কৰা হয়। এই দিনটোৱে জনসাধাৰণক HIVৰ বিৰুদ্ধে যুঁজ দিবলৈ একগোট হোৱাৰ লগতে এইডছ সংক্রমিত লোকৰ প্ৰতি সমর্থন জনোৱাৰ সুযোগ প্ৰদান কৰে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই আজি মধ্যপ্ৰদেশৰ ইণ্ডোৰত বিশ্ব এইডছ দিৱস ২০২৪ৰ কাৰ্যসূচী মুকলি কৰিব। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱ এই অনুষ্ঠানত সন্মানিত অতিথি হিচাপে উপস্থিত থাকিব। এইবাৰৰ এইডছ দিৱস...