June 13, 2024 6:17 PM June 13, 2024 6:17 PM

views 5

চিৰাং জিলাৰ কাজল গাঁৱত ভাৰতীয় ষ্টেট বেংকৰ অধীনত গ্রামীণ স্বনিয়োজন প্রশিক্ষণ প্রতিষ্ঠানৰ উদ্যোগত প্ৰশিক্ষণ শিবিৰ

চিৰাং জিলাৰ কাজল গাঁৱৰ ভাৰতীয় ষ্টেট বেংকৰ অধীনত গ্রামীণ স্বনিয়োজন প্রশিক্ষণ প্রতিষ্ঠানৰ উদ্যোগত চলি থকা চিলাই প্ৰশিক্ষণ শিবিৰত আজি চিৰাং জিলা উদ্যোগ আৰু বাণিজ্য বিভাগৰ প্ৰবন্ধক বিক্ৰম কলিতা উপস্থিত হয়। যোৱা ৬ জুনৰ পৰা আৰম্ভ হোৱা এমহীয়া চিলাই প্ৰশিক্ষণ পৰিদৰ্শন কৰি প্ৰবন্ধক কলিতাই প্রশিক্ষার্থীসকলে কিদৰে সুবিধা লাভ কৰিব আৰু ভৱিষ্যতে কিদৰে ব্যৱসায় ভিত্তিত কাম আৰম্ভ কৰিব সেই বিষয়ে আলোচনা কৰে। এই প্ৰশিক্ষণত চিৰাঙৰ ৩৫ গৰাকী মহিলাই অংশগ্ৰহণ কৰিছে।

June 7, 2024 8:06 PM June 7, 2024 8:06 PM

views 10

আজিৰে গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত স্বাস্থ্য মন্থন ১২ শীর্ষক কর্মশালা

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ উদ্যোগত গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে স্বাস্থ্য মন্থন ১২ শীর্ষক এখন কর্মশালা তথা পর্যালোচনা সভা অনুষ্ঠিত হয়। কর্মশালাখন উদ্বোধন কৰি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অভিযান সঞ্চালক ড° এম এছ লক্ষ্মীপ্রিয়াই ২০২৩-২৪ বিত্তীয় বৰ্ষৰ সামগ্ৰিক প্ৰদৰ্শন প্রকাশ কৰে। কৰ্মশালা আৰু পৰ্যালোচনা সভাত শ্রেষ্ঠ প্রদর্শনকাৰী জিলাসমূহক সম্বৰ্ধনা জনোৱা হয়। সভাত উপস্থিত জিলা স্বাস্থ্য বিষয়াসকলৰ প্ৰতিখন জিলাৰ স্বাস্থ্য সেৱা প্ৰদৰ্শন...