December 15, 2025 11:31 AM

views 21

নীতিন নবীনক বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি

বিজেপি সংসদীয় পৰিষদে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বিহাৰৰ মন্ত্ৰী তথা পাঁচবাৰৰ বিধায়ক নীতিন নবীনক দলৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি দিছে। এগৰাকী সাংগঠনিক নেতা হিচাপে বহুলভাৱে পৰিচিত শ্ৰীনবীনে সম্প্ৰতি পাটনাৰ বাংকিপুৰ বিধানসভা সমষ্টিক প্রতিনিধিত্ব কৰে। তেওঁ লগতে নীতিশ কুমাৰ নেতৃত্বাধীন বিহাৰ চৰকাৰত পথ নিৰ্মাণ বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি আছে। শ্রীনবীন হৈছে জ্যেষ্ঠ বিজেপি নেতা তথা প্রাক্তন বিধায়ক নবীন কিশোৰ প্ৰসাদ সিনহাৰ পুত্ৰ। ৪৫ বছৰীয়া নীতিন নবীন বিজেপিৰ ইতিহাসৰ আ...