October 6, 2024 11:43 AM

views 15

মহিলাৰ টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি ভাৰত আৰু পাকিস্তানৰ মাজত খেল

ডুবাইত হ'বলগীয়া মহিলাৰ টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ এখন খেল ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন বিয়লি চাৰে ৩ বজাত আৰম্ভ হ'ব। আজিৰ খেলখনত জয়লাভ কৰিব পাৰিলে হৰমনপ্রীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে প্ৰতিযোগিতাৰ প্ৰথমটো পইণ্ট লাভ কৰিব। উল্লেখযোগ্য যে প্ৰতিযোগিতাৰ প্ৰথমখন খেলত ভাৰতীয় দলটোৱে নিউজিলেণ্ডৰ হাতত পৰাস্ত হৈছিল। খেলৰ পূৰ্বে হোৱা সংবাদমেলত ভাৰতীয় দলটোৰ সহকাৰী প্ৰশিক্ষক অভিষাৰ ছালভিয়ে কয় যে, ভাৰতে কেনেদৰে পৰাজয়ৰ পৰা বিজয়ৰ দিশত আগবাঢ়িব লাগে সেয়া ভ...