October 20, 2024 11:38 AM

views 25

মহিলাৰ টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ সন্মুখীন নিউজিলেণ্ড

নিউজিলেণ্ড আজি ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া মহিলাৰ টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ সন্মুখীন হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। দক্ষিণ আফ্ৰিকা আৰু নিউজিলেণ্ড ফাইনেলত প্ৰৱেশ কৰাৰ সুবাদত প্রতিযোগতাৰ ইতিহাসত ২০১৬ চনৰে পৰা প্ৰথমবাৰৰ বাবে নতুন দল চেম্পিয়ন হোৱাটো নিশ্চিত হৈ পৰিছে । দক্ষিণ আফ্রিকাই ছেমিফাইনেলত যোৱাবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াক পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰ ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে নিউজিলেণ্ডে ৱেষ্ট ইণ্ডিজক পৰাভূত...

October 14, 2024 11:49 AM

views 32

মহিলাৰ টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ভাৰতক পৰাজিত কৰি অষ্ট্ৰেলিয়া ছেমি ফাইনেলত প্ৰৱেশ

মহিলাৰ টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ শ্বাৰজাহত অনুষ্ঠিত গ্রুপ-এৰ এখন খেলত অষ্ট্ৰেলিয়াই ভাৰতক ৯ ৰানত পৰাজিত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। গ্রুপ পৰ্যায়ত কালি একেৰাহে চতুৰ্থখন খেলত জয়ী হৈ অষ্ট্ৰেলিয়াই এই প্রতিযোগিতাৰ আটাইকেইখন খেলতে জয়লাভ কৰাৰ অভিলেখ অক্ষুন্ন ৰাখে। আনহাতে, গ্রুপ এ-ৰ নিউজিলেণ্ড আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ'বলগীয়া খেলখনৰ ফলাফলৰ ওপৰতেই ভাৰতে ছেমি ফাইনেল খেলাৰ সুযোগ নিৰ্ভৰ কৰিব। খেলখনত পাকিস্তান জয়ী হ'লে ভাৰত গ্রুপ-এৰ পৰা ছেমি ফাইনেলত প্ৰৱেশ কৰা দ্বিতীয়টো দল...

October 7, 2024 2:57 PM

views 46

মহিলা টি-টুৱেণ্টি বিশ্বকাপত সন্ধিয়া গ্ৰুপ-বিৰ এখন খেলত ইংলেণ্ড দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

মহিলা টি-টুৱেণ্টি বিশ্বকাপ প্রতিযোগিতাত আজি সন্ধিয়া শ্বাৰজাহত অনুষ্ঠিত হ'বলগীয়া গ্ৰুপ-বিৰ এখন খেলত ইংলেণ্ড দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। কালি ডুবাইত অনুষ্ঠিত এখন খেলত পাকিস্তানৰ বিৰুদ্ধে ৬ উইকেটত জয়লাভ কৰি ভাৰতে ছেমি ফাইনেল খেলাৰ আশা সজীৱ কৰি ৰাখিছে। ভাৰতে নিৰ্ধাৰিত অভাৰ শেষ হ'বলৈ ৭ বল বাকী থকা অৱস্থাত পাকিস্তানে নিৰ্ধাৰণ কৰি দিয়া ১০৬ ৰানৰ বিজয় লক্ষ্যত উপনীত হয়। কালিৰ খেলখনত ৩ উইকেট লাভ কৰা অৰুন্ধতী ৰেড্ডীক প্লেয়াৰ অৱ দা মেচ ...

July 22, 2024 5:25 PM

views 42

মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাত ভাৰত কাইলৈ নেপালৰ বিৰুদ্ধে অৱতীৰ্ণ

শ্ৰীলংকাৰ ডাম্বুলাত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাত ভাৰত কাইলৈ নেপালৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় মহিলা দলটোৱে এতিয়ালৈকে ৪ পইণ্ট লাভ কৰি শৃংখলাটোত আগবাঢ়ি আছে। প্রতিযোগিতাত ভাৰতে কালি সংযুক্ত আৰব আমেৰিক ৭৮ ৰানত পৰাস্ত কৰে। ভাৰতে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ২০১ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ অধিনায়ক হৰমনপ্রীত কৌৰে ৬৬ ৰান আৰু উইকেট কিপাৰ ৰিছা ঘোষে ৬৪ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত উই এ ই-এ নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১২৩ ৰানহে কৰিবলৈ সক্ষম হয়।