April 11, 2025 10:08 AM

views 27

ভাৰতীয় মহিলা হকী দলটো ৫ খনীয়া শৃংখলাৰ বাবে অষ্ট্ৰেলিয়ালৈ ৰাওনা

ভাৰতীয় মহিলা হকী দলটো অহা ২৬ এপ্ৰিলৰ পৰা ৪ মে'লৈ হবলগীয়া ৫ খনীয়া শৃংখলাৰ বাবে অষ্ট্ৰেলিয়ালৈ যাব। ২৬ আৰু ২৭ এপ্ৰিলত ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়া-এৰ বিৰুদ্ধে খেল আৰম্ভ কৰিব। মে' মাহৰ ১, ৩ আৰু ৪ তাৰিখত দলটোৱে জ্যেষ্ঠ অষ্ট্ৰেলিয়া দলৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ আটাইকেইখন খেল পার্থ হকী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব।

November 21, 2024 12:18 PM

views 11

মহিলাৰ এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাত খিতাপ দখল কৰাৰ ভাৰতীয় হকী দলক ৰাষ্ট্ৰপতি, উপ ৰাষ্ট্ৰপতিৰ অভিনন্দন

ভাৰতে কালি বিহাৰৰ ৰাজগিৰত অনুষ্ঠিত মহিলাৰ এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাৰ ফাইনেলত চীনক ১-০ গ'লত পৰাস্ত কৰি খিতাপ দখল কৰে। খেলখনত দীপিকাই ভাৰতৰ হৈ একমাত্ৰ গ'লটো দিয়ে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে মহিলাৰ এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাৰ খিতাপ দখল কৰাৰ বাবে ভাৰতীয় হকী দলক অভিনন্দন জনাইছে। ৰাষ্ট্ৰপতিয়ে সামাজিক মাধ্যম যোগে দিয়া এটা বাৰ্তাত কয়, যে ভাৰতীয় মহিলা দলটো প্ৰতিযোগিতাত অপৰাজিত হৈ ৰয়, নিজৰ খিতাপ অক্ষুন্ন ৰাখে আৰু দেশৰ হৈ তৃতীয়বাৰৰ ...