August 25, 2025 9:34 PM
11
ভাৰতত মহিলাৰ নিয়োগৰ হাৰ ২০১৭-১৮ চনৰ পৰা ২০২৩-২৪ চনলৈ প্ৰায় দুগুণ বৃদ্ধি
২০১৭-১৮ চনৰ পৰা ২০২৩-২৪ চনলৈ ভাৰতত মহিলাৰ নিয়োগৰ হাৰ প্ৰায় দুগুণ বৃদ্ধি হৈছে বুলি শ্রম আৰু নিয়োগ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা জৰীপ অনুসৰি মহিলাৰ নিবনুৱাৰ হাৰ ২০১৭-১৮ চনত ৫ দশমিক ৬ শতাংশৰ পৰা ২০২৩-২৪ বৰ্ষত ৩ দশমিক ২ শতাংশলৈ হ্ৰাস পাইছে। জৰীপটোত লগতে কোৱা হৈছে যে গ্ৰাম্য ভাৰতত মহিলাৰ নিয়োগ ৯৬ শতাংশ বৃদ্ধি পোৱাৰ লগতে একে সময়তে নগৰ অঞ্চলত এই পৰিমাণ পূৰ্বৰ তুলনাত ৪৩ শতাংশ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। সেইদৰে মহিলা নেতৃত্বাধীন ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগৰ সংখ্যাও ২০১০-১১ বৰ্...