March 8, 2025 6:53 PM

views 38

অধিকাৰ, সমতা, সবলীকৰণ এই বিষয়বস্তুৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন

আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। এই দিনটোতে ৰাষ্ট্ৰীয়, জাতিগত, ভাষিক, সাংস্কৃতিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক সীমাৰ পৰিধি নেওচি মহিলাসকলক তেওঁলোকৰ সাফল্যৰ বাবে সন্মান জনোৱা হয়। এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ বিষয়বস্তু হৈছে— সকলো মহিলা আৰু কিশোৰীৰ বাবে ঃ অধিকাৰ, সমতা, সবলীকৰণ। এই উদ্দেশ্যে প্ৰতিগৰাকী মহিলাৰ সমঅধিকাৰ, ক্ষমতা আৰু সুযোগ-সুবিধা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰা হৈছে। ৰাজ্যখনৰ বিভিন্ন অঞ্চলত এই দিৱস উপলক্ষে আজি ভালেমান কাৰ্যসূচীৰ আয়োজন কৰা হয়। গুৱাহাটী মহানগৰীৰ পল্ট...

March 8, 2025 3:51 PM

views 20

গুজৰাটৰ নৱছাৰি জিলাত লাখপতি দিদি আঁচনিৰ ১০গৰাকী হিতাধিকাৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ মত-বিনিময়

আন্তৰ্জাতিক নাৰী দিৱস উদযাপনৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি গুজৰাটৰ নৱছাৰি জিলাত লাখপতি দিদি আঁচনিৰ ১০গৰাকী হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰে। দেশৰ নাৰীসকলৰ মাজত উদ্যমিতা সৃষ্টি আৰু তেওঁলোকৰ আৰ্থিক সবলীকৰণৰ উদ্দেশ্যে প্রধানমন্ত্রী মোডীয়ে ২০২৩চনৰ ১৫ আগষ্টত লাখপতি দিদি আঁচনিৰ শুভাৰম্ভ কৰিছিল। এই আঁচনিৰ অধীনত কৃষি, পশুপালন আৰু ক্ষুদ্র উদ্যোগৰ জৰিয়তে বছৰি কমেও এক লাখ টকা অৰ্জন কৰা আত্মসহায়ক গোটৰ মহিলা সদস্যসকলক লাখপতি দিদি হিচাপে স্বীকৃতি দিয়া হয়। এইসকল মহিলাই চৰকাৰৰ পৰা আর্থি...

March 8, 2025 1:03 PM

views 25

আকাশবাণী বাতৰি বিভাগৰ ‘আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস’ ব্যতিক্রমভাৱে উদযাপন

আকাশবাণী বাতৰি বিভাগে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কিছু ব্যতিক্রমীভাৱে উদযাপন কৰিছে। সেই অনুসৰি কালি মাজনিশাৰে পৰা আজি সমগ্ৰ দিনটোৰ হিন্দী আৰু ইংৰাজী ভাষাৰ বাতৰি মহিলা পৰিবেশকসকলৰ দ্বাৰা পৰিবেশনৰ দিহা কৰা হৈছে। আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত বিশেষ দৃষ্টিপাত প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিভিন্ন প্ৰত্যাহ্বানৰ মাজেৰে কৰ্মক্ষেত্ৰত সফলতাৰে আগবাঢ়ি যোৱা তিনিগৰাকী নাৰীয়ে তেওঁলোকৰ অভিমত ব্যক্ত কৰিব। অনুষ্ঠানটোৰ আঁত ধৰিব আকাশবাণী বাতৰি বিভাগৰ মুৰব্বী ৰাজ...

March 8, 2025 12:55 PM

views 208

আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস

আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। এই দিনটোতে ৰাষ্ট্ৰীয়, জাতিগত, ভাষিক, সাংস্কৃতিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক সীমাৰ পৰিধি নেওচি মহিলাসকলক তেওঁলোকৰ সাফল্যৰ বাবে সন্মান জনোৱা হয়। ২০২৫ বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ বিষয়বস্তু হৈছে— ‘‘ সকলো মহিলা আৰু কিশোৰীৰ বাবেঃ অধিকাৰ, সমতা, সবলীকৰণ ’’। এই বিষয়বস্তুৰ জৰিয়তে প্ৰতিগৰাকী মহিলাৰ বাবে সমঅধিকাৰ, ক্ষমতা আৰু সুযোগ-সুবিধা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই দিৱস উপলক্ষে আজি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে...

March 6, 2025 7:54 PM

views 28

৮ মাৰ্চৰ আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি হোজাইত বিশেষ কাৰ্যসূচীৰ আয়োজন

৮ মাৰ্চৰ আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি হোজাই জিলাত জিলা প্ৰশাসন আৰু নাবাৰ্ডৰ উদ্যোগত আজিৰে পৰা তিনিদিনীয়াকৈ বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ২ নম্বৰ কাকী অঞ্চলৰ নৱনিৰ্মিত জিলা পৰিষদৰ কাৰ্যালয়ত আজি বিভিন্ন ব্যৱসায়ৰ সৈতে জড়িত ১০গৰাকী মহিলাক সম্বৰ্দ্ধনা জনোৱা হয়। সেই স্থানতে কেইবাটাও মহিলা গোটে নিজে প্রস্তুত কৰা সামগ্ৰীৰে এখন প্ৰদৰ্শনীও মুকলি কৰে। আন্তর্জাতিক নাৰী দিৱসৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত জিলা আয়ুক্ত কাৰ্যালয়ৰ প্রশিক্ষণ কেন্দ্ৰত কাইলৈ এটা বিনামূলীয়া চিক...