October 30, 2024 12:10 PM

views 16

ভাৰত-নিউজিলেণ্ডৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেটৰ শৃংখলা দখল ভাৰতীয় মহিলা দলৰ

ভাৰতীয় মহিলা ক্রিকেট দলে কালি আহমেদাবাদত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত নিউজিলেণ্ডক ৬ উইকেটত পৰাস্ত কৰি ২-১ ফলাফলেৰে শৃংখলা হস্তগত কৰে। ভাৰতে ২৩৩ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি স্মৃতি মান্ধানাৰ আকৰ্ষণীয় বেটিঙৰ সহায়ত ৪৪ অভাৰ আৰু দুটা বলত চাৰিটা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। স্মৃতি মান্ধানাই ১২২টা বলত ১০০ ৰাণ কৰে। ইয়াৰ পূৰ্বে নিউজিলেণ্ডে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ ৪৯ অভাৰ আৰু ৫টা বলত আটাইকেইটা উইকেট হেৰুৱাই ২৩২ ৰাণ সংগ্ৰহ কৰে। ...