July 25, 2024 11:00 AM

views 19

মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাত শ্রীলংকাৰ বিৰুদ্ধে থাইলেণ্ড ১০ উইকেটত পৰাস্ত

আয়োজক দেশ শ্রীলংকাই কালি ডাম্বুলাত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত থাইলেণ্ডক ১০ উইকেটত পৰাস্ত কৰে। খেলখনত থাইলেণ্ডে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেটৰ বিনিময়ত ৯৩ৰাণ কৰে। থাইলেণ্ডৰ হৈ নন্নাপট কোনচৰোএনকাইয়ে ৫৩টা বলত ৪৭ ৰাণ কৰি আউট নোহোৱাকৈ থাকে। শ্ৰীলংকাৰ কৰিছা দিলহাৰীয়ে দুটা উইকেট লাভ কৰে। প্ৰত্যুত্তৰত শ্ৰীলংকাই ১১ অভাৰ আৰু তিনিটা বলত এটাও উইকেট নেহেৰুৱাকৈ ৯৪ ৰাণ কৰে। শ্ৰীলংকাৰ হৈ ছমাৰি উথাপঙ্গুই ৪৫ আৰু ৱ...

July 19, 2024 11:57 AM

views 29

শ্ৰীলংকাৰ ডাম্বুলাত আজিৰে পৰা আৰম্ভ মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতা

মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাৰ আজি শ্ৰীলংকাৰ ডাম্বুলাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ আটাইকেইখন খেল ৰনগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত খেলোৱা হ'ব। প্ৰতিযোগিতাৰ উদ্বোধনী খেলখন আজি গ্ৰুপ এৰ দল নেপাল আৰু ইউ এ ইৰ মাজত অনুষ্ঠিত হ'ব। ইয়াৰ পাছতে যোৱাবাৰৰ চেম্পিয়ন ভাৰত গ্ৰুপ এৰ আন এখন খেলত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন সন্ধিয়া ৭ বজাত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাত ভাৰতক পাকিস্তান, নেপাল আৰু ইউ এ ইৰ সৈতে গ্ৰুপ ‘এ’ত স্থান দিয়া হৈছে। আনহাতে আয়োজক দেশ শ্রীলংকা, ...