July 21, 2024 8:07 PM

views 25

মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাত ভাৰতৰ হাতত ইউ এ ই ৭৮ ৰানত পৰাস্ত

মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত আজি ভাৰতে- ইউ এ ইক ৭৮ ৰানত পৰাস্ত কৰে। শ্ৰীলংকাৰ ডাম্বুলাত অনুষ্ঠিত খেলখনত ইউ এ ইএ টছত জিকি ভাৰতক বেটিঙৰ বাবে আমন্ত্ৰণ জনায়। ভাৰতে নিৰ্ধাৰিত ২০ অভাৰত ৫ টা উইকেট হেৰুৱাই ২০১ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ অধিনায়ক হৰমনপ্রীত কৌৰে ৬৬ ৰান আৰু উইকেট কিপাৰ ৰিছা ঘোষে ৬৪ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ২০২ ৰাণৰ বিজয় লক্ষ্য অনুসৰণ কৰি ইউ এ ইএ নিৰ্ধাৰিত ২০ অভাৰত ৭ টা উইকেট হেৰুৱাই ১২৩ ৰানহে কৰিবলৈ সমর্থ হয়। উল্লেখযোগ্য যে শৃংখলাটোত ভাৰতীয় মহিলা দলটোৱে এতিয়...

July 20, 2024 12:59 PM

views 23

মহিলাৰ এছিয়া কাপ টি-টুৱেণ্টি ক্রিকেট প্রতিযোগিতাত ভাৰতৰ হাতত পাকিস্তান ৭ উইকেটত পৰাস্ত

যোৱাবাৰৰ চেম্পিয়ন ভাৰতে যোৱা নিশা শ্ৰীলংকাৰ ডাম্বুলাত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ টি-টুৱেণ্টি ক্রিকেট প্রতিযোগিতাৰ নিজৰ প্ৰথমখন খেলত পাকিস্তানক ৭ উইকেটত পৰাস্ত কৰে। ভাৰতে ১০৯ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৪ অভাৰ আৰু এটা বলত তিনিটা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। ভাৰতৰ হৈ অপেনাৰ স্মৃতি মান্ধানাই ৪৫ আৰু শ্বেফালি বাৰ্মাই ৪০ ৰানৰ বৰঙনি আগবঢ়ায়। ইয়াৰ পূৰ্বে পাকিস্তানে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ ১৯ অভাৰ আৰু দুটা বলত আটাইকেইটা উইকেট হেৰুৱাই ১০৮ ৰান কৰে। পাকিস্তানৰ হৈ অমিনে...

July 18, 2024 5:29 PM

views 32

কাইলৈৰ পৰা শ্ৰীলংকাৰ ডাম্বুলাত মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগতা

মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগতাৰ কাইলৈ শ্ৰীলংকাৰ ডাম্বুলাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ আটাইকেইখন খেল ৰনগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত খেলোৱা হ'ব। প্ৰতিযোগিতাৰ উদ্বোধনী খেলখন কাইলৈ গ্রুপ এৰ দল নেপাল আৰু ইউ এ ইৰ মাজত অনুষ্ঠিত হ'ব। ইয়াৰ পাছতে যোৱাবাৰৰ চেম্পিয়ন ভাৰত গ্ৰুপ এৰ আন এখন খেলত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন সন্ধিয়া ৭ বজাত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাত ভাৰতক পাকিস্তান, নেপাল আৰু ইউ এ ইৰ সৈতে গ্ৰুপ ‘এ’ত স্থান দিয়া হৈছে। আনহাতে আয়োজক দেশ শ্রীলংক...