December 12, 2024 11:55 AM

views 36

মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ লীগ পৰ্যায়ৰ অন্তিমখন খেলত আজি ভাৰত-থাইলেণ্ড

ভাৰত আজি মাস্কাটত চলি থকা মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ লীগ পৰ্যায়ৰ চতুৰ্থ তথা অন্তিমখন খেলত থাইলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰত কালি লীগ পৰ্যায়ৰ নিজৰ তৃতীয়খন খেলত চীনৰ বিৰুদ্ধে ২-১ গ'লৰ ব্যৱধানত পৰাস্ত হয়। এই জয়ৰ সুবাদত চীনে ৯ পইণ্টেৰে পুল এ-ৰ শীৰ্ষস্থান দখল কৰি ছেমিফাইনেলত উপনীত হৈছে। ভাৰতে এতিয়ালৈ ৬ পইণ্ট লাভ কৰি মালয়েছিয়াৰ সৈতে যুটীয়াভাৱে দ্বিতীয় স্থানত আছে। প্রতিযোগিতাৰ ছেমিফাইনেল খেল দুখন শনিবাৰে আৰু ফাইনেল খেলখন দেওবাৰে খেলোৱা হ'ব। ভাৰতে জাপানত অনুষ্ঠিত প্রতিযোগিতা...