October 16, 2025 9:46 AM

views 44

মহিলাৰ আই চি চি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ পাকিস্তান-ইংলেণ্ডৰ খেল পৰিত্যক্ত ঘোষণা

মহিলাৰ আই চি চি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত কালি কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত অনুষ্ঠানত পাকিস্তান আৰু ইংলেণ্ডৰ মাজৰ খেলখন বৰষুণৰ বাবে পৰিত্যক্ত ঘোষিত হয়। ফলত দুয়োটা দলেই এক পইণ্টকৈ লাভ কৰে। খেলখনৰ প্ৰথম ইনিংছত বৰষুণে বিঘিনি ঘটোৱাৰ বাবে দুয়োটা দলকেই ৩১ অভাৰকৈ খেলাৰ সুযোগ দিয়া হৈছিল। প্ৰথমে বেট ধৰি ইংলেণ্ডে ৯ উইকেটৰ বিনিময়ত ১৩৩ ৰান সংগ্ৰহ কৰা খেলখনত ডি এল এছ পদ্ধতিৰ সহায়ত পাকিস্তানক ১১৩ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হৈছিল। অৱশ্যে পাকিস্তানে ৭ অভাৰত এটাও উইকেট নেহেৰুৱাকৈ ৩৪ ৰান সংগ্ৰহ ...

January 26, 2025 9:08 PM

views 52

মহিলাৰ ১৯ বছৰৰ অনূর্ধ আই চি চি টি-টুৱেন্টি বিশ্বকাপ ক্রিকেটত ভাৰতৰ ছেমি ফাইনেলত প্ৰৱেশ

মহিলাৰ ১৯ বছৰৰ অনূর্ধ আই চি চি টি-টুৱেন্টি বিশ্বকাপ ক্রিকেটত ভাৰতে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। কুৱালালামপুৰৰ বায়ুৱেমাছ অভেল ষ্টেডিয়ামত দেওবাৰে আয়োজিত এখন খেলত ভাৰতে বাংলাদেশক ৮ উইকেটত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে। খেলখনত প্ৰথমে বেট ধৰি বাংলাদেশে নির্ধাৰিত ২০ অভাৰত ৮ উইকেটৰ বিনিময়ত ৬৬ ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ অধিনায়ক ছুমাইয়া আখতাৰে সৰ্বাধিক ২১ ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে। ভাৰতৰ হৈ বৈষ্ণৱী শৰ্মাই তিনিটা উইকেট দখল কৰে। ভাৰতৰ তৃষাই ৩১টা বলত ৪০ ৰাণ সংগ্ৰহ কৰে। দলটোৱে ৭ অভাৰ এটা বলত নিৰ্...

October 10, 2024 12:13 PM

views 36

মহিলাৰ আই চি চি টি-২০ বিশ্বকাপ ক্রিকেটত ভাৰতৰ হাতত শ্রীলংকা ৮২ ৰানত পৰাস্ত

ভাৰতে যোৱানিশা ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত মহিলাৰ আই চি চি টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ গ্ৰু-এৰ এখন খেলত শ্রীলংকাক ৮২ ৰানত পৰাস্ত কৰে। ৰানৰ দিশৰ পৰা মহিলা টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ইতিহাসত ভাৰতৰ এয়া সৰ্ববৃহৎ জয়। ভাৰত কালি জয়ৰ সুবাদত প্ৰতিযোগিতাৰ পইণ্ট তালিকাত ৰান ৰেটৰ আধাৰত পাকিস্তান আৰু নিউজিলেণ্ডক চেৰ পেলাবলৈ সক্ষম হৈছে। ভাৰতে খেলখনত প্রথমে বেট ধৰি হৰমনপ্রীত কৌৰ আৰু স্মৃতি মান্ধানাৰ অৰ্ধ শতকৰ সহায়ত ১৭২ ৰান কৰে। স্মৃতি মান্ধানাই ৫০ ৰান কৰা...