December 20, 2024 8:18 PM

views 15

চলিত বিত্তীয় বৰ্ষত মহিলা আৰু ছোৱালীৰ বাবে ৩,২৭,০০০ কোটি টকা আবণ্টন

চৰকাৰে চলিত বিত্তীয় বৰ্ষত মহিলা আৰু ছোৱালীৰ বাবে ৩ লাখ ২৭ হাজাৰ কোটি টকা আবণ্টন দিছে। এই পৰিমাণ যোৱা বিত্তীয় বছৰৰ তুলনাত ৩৭ শতাংশৰো অধিক। মহিলা আৰু শিশু বিকাশ ৰাজ্যমন্ত্ৰী সাৱিত্ৰী ঠাকুৰে আজি লোকসভাত এটা লিখিত উত্তৰত এই কথা সদৰি কৰে। তেওঁ কয় যে চলিত বিত্তীয় বৰ্ষত কেন্দ্রীয় বাজেটত লিংগ বাজেটৰ অংশ ২০২৩-২৪ বৰ্ষৰ ৫ দশমিক ৩ শতাংশৰ পৰা ৬ দশমিক ৮ শতাংশলৈ বৃদ্ধি কৰা হৈছে।