October 12, 2025 12:22 PM
42
মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি ভাৰত-অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব
মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত আজি ভাৰত-অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বিশাখাপট্টনমৰ এ চি এ-ভি ডি চি এ ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া খেলখন বিয়লি ৩ বজাত আৰম্ভ হ'ব। কালি নিশা কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ইংলেণ্ডে শ্রীলংকাক ৮৯ ৰানত পৰাস্ত কৰে। এই জয়েৰে ইংলেণ্ড প্রতিযোগিতাখনত একেৰাহে তৃতীয়খনত খেলত অপৰাজিত হৈ ৰয়। খেলখনত ইংলেণ্ডে প্রথমে বেট ধৰি শ্ৰীলংকাক ২৫৪ ৰানৰ বিজয় লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। প্ৰত্যুত্তৰত শ্ৰীলংকাই ৪৫ অভাৰ ৪টা বলত আটাইকেইটা উইকে...