January 9, 2026 12:24 PM

views 34

আজিৰে পৰা মহিলা প্রিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাৰ চতুৰ্থ সংস্কৰণ

মহিলা প্রিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাৰ চতুৰ্থ সংস্কৰণ আজি আৰম্ভ হ'ব। উদ্বোধনী অনুষ্ঠানৰ পাছত নৱী মুম্বাইৰ ড০ ডি ৱাই পাটিল ষ্টেডিয়ামত হ'বলগীয়া এইবাৰৰ প্ৰথমখন খেলত ৰয়েলছ ছেলেঞ্জাৰ্ছ বাংগালুৰু, যোৱাবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে সাত বতাজ আৰম্ভ হ'ব। উদ্বোধনী অনুষ্ঠানত য়' য়' হানি ছিং, জেকলিন ফার্নানডেজ আৰু হৰনাজ সন্ধুকে ধৰি কেইবাগৰাকীও তাৰকাই অনুষ্ঠান পৰিৱেশন কৰিব। এইবাৰৰ সংস্কৰণৰ খেলসমূহ নৱী মুম্বাইৰ ড০ ডি ৱাই পাৰ্টিল ষ্টেডিয়াম আৰু বডোডৰাৰ বি চি...

November 3, 2025 9:33 PM

views 47

মহিলা বিশ্বকাপত চেম্পিয়নৰ খিতাপ দখল কৰা ভাৰতীয় দললৈ বি চি চি আইৰ ৫১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা

মহিলা বিশ্বকাপত ভাৰতীয় দলটোৱে চেম্পিয়নৰ খিতাপ দখলৰ পাছত ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ বি চি চি আয়ে ৫১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে। খেলুৱৈ, প্ৰশিক্ষক, নিৰ্বাচক আৰু সহায়ক কৰ্মচাৰী সকলোৰে বাবে এই পুৰস্কাৰ ঘোষণা কৰা হৈছে বুলি বি চি চি আইৰ সচিব দেৱজিৎ শ‍ইকীয়াই সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে। উল্লেখযোগ্য যে, ভাৰতে যোৱা নিশা আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ প্ৰথমটো খিতাপ জয় কৰিবলৈ সমৰ্থ হয়। নৱী মুম্বাইৰ ড০ ডি ৱাই পাৰ্টিল স্প'ৰ্টছ একাডেমীত যোৱা নিশা অনুষ্ঠিত ফাইনেলত ভাৰতে দক্ষিণ আ...