November 3, 2025 9:33 PM November 3, 2025 9:33 PM
26
মহিলা বিশ্বকাপত চেম্পিয়নৰ খিতাপ দখল কৰা ভাৰতীয় দললৈ বি চি চি আইৰ ৫১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা
মহিলা বিশ্বকাপত ভাৰতীয় দলটোৱে চেম্পিয়নৰ খিতাপ দখলৰ পাছত ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ বি চি চি আয়ে ৫১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে। খেলুৱৈ, প্ৰশিক্ষক, নিৰ্বাচক আৰু সহায়ক কৰ্মচাৰী সকলোৰে বাবে এই পুৰস্কাৰ ঘোষণা কৰা হৈছে বুলি বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াই সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে। উল্লেখযোগ্য যে, ভাৰতে যোৱা নিশা আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ প্ৰথমটো খিতাপ জয় কৰিবলৈ সমৰ্থ হয়। নৱী মুম্বাইৰ ড০ ডি ৱাই পাৰ্টিল স্প'ৰ্টছ একাডেমীত যোৱা নিশা অনুষ্ঠিত ফাইনেলত ভাৰতে দক্ষিণ আ...