July 23, 2024 10:27 AM

views 21

মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাত আজি ভাৰত- নেপালৰ মুখামুখি

ভাৰত আজি মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাত হ'বলগীয়া গ্রুপ-এৰ এখন খেলত নেপালৰ মুখামুখি হ'ব। খেলখন শ্ৰীলংকাৰ ডাম্বুলাত সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। গ্রুপ-এত ভাৰতে আটাইকেইখন খেলতেই জয়ী হৈ বৰ্তমান পইণ্ট তালিকাৰ শীৰ্ষত আছে। হৰমনপ্রীত কৌৰ নেতৃত্বাধীন ভাৰতীয় মহিলা দলটোৱে পূৰ্বৰ খেল দুখনত পাকিস্তান আৰু সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰৰ বিৰুদ্ধে জয়লাভ কৰিছিল। নেপালে প্রতিযোগিতাৰ উদ্বোধনী খেলখনত সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰক পৰাস্ত কৰাৰ বিপৰীতে পৰৱৰ্তী খেলখনত পাকিস্তানৰ হাতত পৰাজিত হয়। গ্রুপ-এৰ আন এখন...

July 21, 2024 12:30 PM

views 17

মহিলাৰ এছিয়া কাপ টি-টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাত ভাৰত আজি সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ ইউ এ ইৰ বিৰুদ্ধে অৱতীৰ্ণ

ভাৰত আজি শ্ৰীলংকাৰ ৰণগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত হ'বলগীয়া মহিলাৰ এছিয়া কাপ টি-টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ-এৰ এখন গুৰুত্বপূৰ্ণ খেলত সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ ইউ এ ইৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ ২ বজাত আৰম্ভ হ'ব। ভাৰত খেলখনত জয়ী হ'লে ছেমি ফাইনেলত প্ৰৱেশ কৰিব । আয়োজক দেশ শ্রীলংকাই কালি ৱিশমী গুণৰত্নেৰ অৰ্ধ শতকৰ সহায়ত বাংলাদেশক ৭ উইকেটত পৰাস্ত কৰে। শ্ৰীলংকাই ১১২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৭ অভাৰ আৰু এটা বলত তিনিটা উইকেট হেৰুৱাই নিৰ্...

July 18, 2024 12:54 PM

views 16

শ্ৰীলংকাৰ ডাম্বুলাত কাইলৈৰ পৰা মহিলা এছিয়া কাপ টি-২০ ক্ৰিকেট প্ৰতিোগিতা

মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগতাৰ কাইলৈ শ্ৰীলংকাৰ ডাম্বুলাত আৰম্ভ হ'ব। প্রতিযোগিতাৰ আটাইকেইখন খেল ৰনগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত খেলোৱা হ'ব। প্ৰতিযোগিতাৰ উদ্বোধনী মেচত কাইলৈ গ্ৰুপ এৰ দল নেপাল আৰু ইউ এ ইৰ মাজত অনুষ্ঠিত হ'ব। ইয়াৰ পাছতে যোৱাবাৰৰ চেম্পিয়ন ভাৰত গ্ৰুপ এৰ আন এখন খেলত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। হৰমনপ্রীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে জয়েৰে অভিযান আৰম্ভ কৰাৰ বাবে আপ্রাণ চেষ্টা চলাব। প্রতিযোগিতাত ভাৰতক পাকিস্তান, নেপাল আৰু ইউ এ ইৰ সৈতে গ্ৰুপ এত স্থান দিয়া...