December 14, 2025 9:24 PM

views 12

উত্তৰ গুৱাহাটী কন্যা উচ্চ বিদ্যালয় আৰু আউনীআটি কমলাদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাইপ্রো আর্থিয়ান ৰাষ্ট্ৰীয় বঁটা ২০২৫ লাভ

উত্তৰ গুৱাহাটী কন্যা উচ্চ বিদ্যালয় আৰু আউনীআটি কমলাদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে বাইপ্রো আর্থিয়ান ৰাষ্ট্ৰীয় বঁটা ২০২৫ লাভ কৰিবলৈ সক্ষম হৈছে। দেশজুৰি লাভ কৰা ২ হেজাৰতকৈ অধিক প্ৰকল্পৰ ভিতৰত এই বিদ্যালয় দুখনৰ প্ৰকল্পক পুৰস্কৃত কৰা হৈছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে বিদ্যালয় দুখনৰ সফলতাত আনন্দ প্রকাশ কৰে। এই স্বীকৃতিয়ে ৰাজ্যৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িযাই অনা বুলি উল্লেখ কৰি তেওঁ শিক্ষার্থী, শিক্ষক তথা পিতৃ-মাতৃকে ধৰি সকলো পক্ষলৈ অভিনন্দন জ্ঞাপন কৰে।