July 15, 2024 10:51 AM

views 13

উইম্বলডন টেনিছ প্রতিযোগিতাত স্পেইনৰ কাৰ্লোৰ্ছ অল্‌কাৰাজৰ পুৰুষৰ ছিংগলছৰ খিতাপ অৰ্জন

● উইম্বলডন টেনিছ প্রতিযোগিতাত স্পেইনৰ কাৰ্লোৰ্ছ অল্‌কাৰাজে চাৰ্বিয়াৰ ন'ভাক জ'ক'ভিচক ৬-২, ৬-২, ৭-৬ ছেটত পৰাস্ত কৰি পুৰুষৰ ছিংগলছৰ খিতাপ অৰ্জন কৰিছে। উইম্বলডলনৰ ফাইনেলত অকাৰাজ দ্বিতীয়বাৰৰ বাবে অৱতীৰ্ণ হোৱাৰ বিপৰীতে জ'ক'ভিচে এই প্ৰতিযোগিতাত ৭ বাৰকৈ বিজয়ীৰ খিতাপ অৰ্জন কৰিছিল। ইপিনে, মিক্সড ডাবলছৰ ফাইনেলত পোলেণ্ডৰ জন জেলেনস্কি আৰু টাইৱানৰ হাছিছ ছু ৱেইৰ যুটীটোৱে মেক্সিকোৰ ছেণ্টিয়াগো গোঞ্জান্বেজ আৰু গুলীয়ানা আন্মোছৰ যুটীটোক ৬-৪, ৬-২ ছেটত পৰাস্ত কৰি খিতাপ অর্জন কৰে।

July 14, 2024 1:26 PM

views 28

উইম্বলডন টেনিছ প্রতিযোগিতাত আজি পুৰুষৰ ছিংগলৰ ফাইনেল

সাতবাৰৰ চেম্পিয়ন ন'ভাক জকভিচ আজি উইম্বলডন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলৰ ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন কাৰ্লোৰ্ছ অল্‌কাৰাষ্ট্ৰ সন্মুখীন হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৬.৩০ বজাত আৰম্ভ হ'ব। ইপিনে, মিক্সড ডাবলছৰ ফাইনেলত আজি পোলেণ্ডৰ জন জেলেনস্কি আৰু টাইৱানৰ ছুৱেই ছিহৰ যুটীটো মেক্সিকোৰ ছেণ্টিয়াগো গোঞ্জান্বেজ আৰু গুলীয়ানা আম্মোছৰ মুখামুখি হ'ব। ইফালে, চেক গণৰাজ্যৰ বাৰবোৰা ক্রাইজিকোভাই কালি ইটালীৰ জেছমিন পাঅ'লিনিক ৬-২, ২-৬, ৬-৪ ছেটত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে উইম্বলডন টেনিছ প্রতিযোগিতাৰ মহিলা...

July 13, 2024 6:59 PM

views 30

উইম্বলডন টেনিছ প্ৰতিযোগিতাত কাইলৈ পুৰুষৰ ছিংগলছৰ ফাইনেলত ন’ভাক জক’ভিচ-কাৰ্লোছ অল্‌কাৰজ

উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত ৭বাৰৰ বিজয়ী ন’ভাক জক’ভিচে কাইলৈ যোৱাবাৰৰ বিজয়ী কাৰ্লোছ অল্‌কাৰজৰ বিৰুদ্ধে খেলিব। ছাৰ্বিয়াৰ জক'ভিচে ২৫সংখ্যক বাছনিৰ ইটালীৰ ল'ৰেঞ্জ মুছেট্টিক ছেমিফাইনেলত যোৱা নিশা ৬-৪, ৭-৬, ৬-৪ ছেটত পৰাজিত কৰে। আনহাতে স্পেইনৰ অলকাৰজে ৰাছিয়াৰ ডেনিল মেডভেদেভক ৬-৭, ৬-৩, ৬-৪, ৬-৪ পোনপটীয়া ছেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে।