July 15, 2024 10:51 AM

views 12

উইম্বলডন টেনিছ প্রতিযোগিতাত স্পেইনৰ কাৰ্লোৰ্ছ অল্‌কাৰাজৰ পুৰুষৰ ছিংগলছৰ খিতাপ অৰ্জন

● উইম্বলডন টেনিছ প্রতিযোগিতাত স্পেইনৰ কাৰ্লোৰ্ছ অল্‌কাৰাজে চাৰ্বিয়াৰ ন'ভাক জ'ক'ভিচক ৬-২, ৬-২, ৭-৬ ছেটত পৰাস্ত কৰি পুৰুষৰ ছিংগলছৰ খিতাপ অৰ্জন কৰিছে। উইম্বলডলনৰ ফাইনেলত অকাৰাজ দ্বিতীয়বাৰৰ বাবে অৱতীৰ্ণ হোৱাৰ বিপৰীতে জ'ক'ভিচে এই প্ৰতিযোগিতাত ৭ বাৰকৈ বিজয়ীৰ খিতাপ অৰ্জন কৰিছিল। ইপিনে, মিক্সড ডাবলছৰ ফাইনেলত পোলেণ্ডৰ জন জেলেনস্কি আৰু টাইৱানৰ হাছিছ ছু ৱেইৰ যুটীটোৱে মেক্সিকোৰ ছেণ্টিয়াগো গোঞ্জান্বেজ আৰু গুলীয়ানা আন্মোছৰ যুটীটোক ৬-৪, ৬-২ ছেটত পৰাস্ত কৰি খিতাপ অর্জন কৰে।

July 13, 2024 1:03 PM

views 21

উইম্বলডন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত জেছমিন পাঅ’লিনি বাৰবোৰা ক্রাইজিকোভাৰ বিৰুদ্ধে অৱতীৰ্ণ হব

● সপ্তম বাছনিপ্রাপ্ত জেছমিন পাঅ'লিনি আজি উইম্বলডন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত ৩১ সংখ্যক বাছনিপ্রাপ্ত বাৰবোৰা ক্রাইজিকোভাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। চেক গণৰাজ্যৰ ক্ৰাইজিকোভাই বৃহস্পতিবাৰে ছেমি ফাইনেলত কাজাখস্তানৰ এলিনা ৰায়বাকিনাক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। আনহাতে ইটালীৰ পাঅলিনিয়ে ৱেচিয়াৰ ডোনা ৱেকিছক পৰাভূত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। ইফালে, প্রতিযোগিতাৰ পুৰুষৰ ছিংগলৰ ফাইনেলত কাইলৈ ৭ বাৰৰ চেম্পিয়ন ন'ভাক জ’ক'ভিচ যোৱাবাৰৰ চেম্পিয়ন কার্লোছ অন্কাৰ ...

July 12, 2024 9:56 AM

views 19

উইম্বলডন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ চেক গণৰাজ্যৰ বাৰবোৰা ক্রাইজিকোভা

■ চেক গণৰাজ্যৰ বাৰবোৰা ক্রাইজিকোভা প্ৰথমবাৰৰ বাবে উইম্বলডন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। ৩১ সংখ্যক বাছনিপ্রাপ্ত ক্রাইজিকোভাই যোৱানিশা লণ্ডনত অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত কাজাখস্তানৰ এলেনা ৰায়বাকিনাক ৩-৬, ৬-৩, ৬-৪ ছেটত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে সপ্তম বাছনিপ্রাপ্ত ইটালীৰ জেছমিন পাঅ'লিনিয়ে মহিলাৰ ছিংগলছৰ প্ৰথমখন ছেমি ফাইনেলত ক্ৰ'ৱেছিয়াৰ ডোনা ৱেকিক ২-৬, ৬-৪, ৭-৬ ছেটত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ছেমি ফাইনেলত আজি যোৱাবাৰৰ চেম্পিয়ন ...

July 5, 2024 12:51 PM

যুকি ভান্ত্ৰী আৰু আলবানো অলিভেট্টি উইম্বলডন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ

ভাৰতৰ যুকি ভান্ত্ৰী আৰু তেওঁৰ ফৰাচী সহযোগী আলবানো অলিভেট্টি লণ্ডনত চলি থকা উইম্বলডন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। ভান্ত্ৰী আৰু অলিভেট্টিয়ে কালি বিয়লি অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডৰ খেলত কাজাখস্তানৰ আলেকজেণ্ডাৰ বুবলিক আৰু আলেকজেণ্ডৰ ছেভছেন কোক ৬-৪, ৬-৪ ছেটত পৰাস্ত কৰে। অৱশ্যে পুৰুষৰ ডাবলছৰ আন এখন খেলত ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু তেওঁৰ সহযোগী লিউক জনছনৰ যুটীটো ফ্ৰেন্স অপেনৰ বিজয়ী ক্ৰৱেছিয়াৰ মেট পেভিক আৰু এল ছালভাডৰৰ মাৰ্ছেলো আৰেভালোৰ বিৰুদ্ধে ৪-৬, ৬-৭ ছেট...

July 4, 2024 1:22 PM

views 27

উম্বলডনত জয়েৰে অভিযান আৰম্ভ ৰোহন বোপন্না আৰু মেথিউ এবডেনৰ যুটীটোৰ

ভাৰতৰ ৰোহন বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটীটোৱে উম্বলডন অপেন টেনিছ প্রতিযোগিতাত জয়েৰে অভিযান আৰম্ভ কৰিছে। বোপন্না আৰু এবডেনৰ যুটীটোৱে যোৱানিশা পুৰুষৰ ডাবলছৰ এখন খেলত নেডাৰলেণ্ডছৰ ছেণ্ডাৰ অৰেণ্ডছ আৰু ৰবীন হাছেৰ যুটীটোক পৰাস্ত কৰে। অৱশ্যে ভাৰতৰ সুমিত নাগল আৰু চাৰ্বিয়াৰ দুছান লাজোভিছৰ যুটীটোৱে পুৰুষৰ ডাবলছত স্পেইনৰ পেড়ো মার্টিনেজ আৰু মুনাৰৰ হাতত ৬-২, ৬-২ পোনপটীয়া ছেটত পৰাজিত হয়। সুমিত নাগল চাৰ্বিয়াৰ মিয়োমিৰ কেকমান'ভিচৰ হাতত ২-৬, ৬-৩, ৩-৬, ৪-৬ ছেটত পৰাজিত হৈ ইতিমধ্যে পুৰুষৰ ছিংগলছৰ...

July 3, 2024 1:20 PM

views 29

উইম্বলডনত তাৰকা খেলুৱৈ নভাক জকভিছৰ জয়েৰে অভিযান আৰম্ভ

গ্ৰেণ্ড শ্লেম টেনিছ প্রতিযোগিতা উইম্বলডনত তাৰকা খেলুৱৈ নভাক জকভিছে জয়েৰে অভিযান আৰম্ভ কৰিছে। যোৱানিশা হোৱা প্ৰথম ৰাউণ্ডৰ খেলত জকভিছে ৬-১, ৬-২ আৰু ৬-২ ৰ ব্যৱধানত জয় লাভ কৰে। ইফালে, পুৰুষৰ একক শাখাৰ প্ৰথম ৰাউণ্ডৰ অন্য এখন খেলত জেৰভে ৬-২, ৬-৪ আৰু ৬-২ৰ ব্যৱধানত জয়লাভ কৰে। আনহাতে, মহিলাৰ একক শাখাৰ প্ৰথম ৰাউণ্ডৰ খেলত ইগাই ৬-৩, ৬-৪ৰ ব্যৱধানত জয়লাভ কৰি প্ৰত্যাশিত আৰম্ভণি কৰে। উল্লেখযোগ্য যে, খিতাপ প্রত্যাশি আলকাৰ্জেৰ লগতে ডানিল, অছাকা, গ’ফ আদি তাৰকা খেলুৱৈসকলেও প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ ক...