October 8, 2024 11:47 AM
11
২ অক্টোবৰৰ পৰা চলি থকা বন্যপ্রাণী সপ্তাহৰ আজি সামৰণি
যোৱা ২ অক্টোবৰৰ পৰা চলি থকা বন্যপ্রাণী সপ্তাহৰ আজি সামৰণি পৰিব। আজিৰ বিষয়বস্তু হৈছে- সহাৱস্থানৰ জৰিয়তে মানৱ-সৰ্পৰ সংঘাত প্রশমন। প্রাকৃতিক স্থানলৈ মানুহৰ বসতি সম্প্ৰসাৰিত হোৱাৰ ফলত সাপৰ সৈতে মুখামুখিৰ ঘটনা বৃদ্ধি পাইছে। সাপে কীট-পতংগ নিয়ন্ত্ৰণ কৰি ভাৰসাম্য বজাই ৰাখি পৰিৱেশতন্ত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিলেও মানুহ আৰু সাপৰ সংঘাত প্ৰায়েই দেখিবলৈ পোৱা যায়। সেয়ে সাপৰ সুৰক্ষা আৰু সংৰক্ষণৰ লগতে কিদৰে সহাৱস্থান কৰিব পাৰি, এই বিষয়ে সচেতনতা সৃষ্টি কৰাটো অতি প্ৰয়োজনীয় হৈ উঠিছে।